Road accident in Dhubri: বিলাসীপাৰাত পথ দুৰ্ঘটনাত থিতাতে নিহত যুৱক - Road accident in Assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15-10-2023/640-480-19772699-thumbnail-16x9-bilashi-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 15, 2023, 5:26 PM IST
বিলাসীপাৰা, ১৫ অক্টোবৰ: বৰপেটা জিলাৰ বিলাসীপাৰাৰ নয়াহাটত আজি সংঘটিত হয় এক পথ দুৰ্ঘটনা । এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন চাইকেল আৰোহী । নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত বৰকান্দা ১৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটোত ফুলচান আলী নামৰ যুৱকজনৰ মৃত্য়ু ঘটে ।
উল্লেখ্য় যে ৰাষ্ট্ৰীয় ঘাইপথত চাইকেল আৰু বলেৰো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত থিতাতে নিহত হয় ডুৱাচুৰী গাঁৱৰ ফুলচান আলী । অচিনাকী বলেৰো বাহনখনে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে । পিচত ঘটনাস্থলীত নয়াহাট আৰক্ষীৰ দল উপস্থিত মৃতদেহটো উদ্ধাৰ কৰি থানালৈ নিয়াৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্য়ালয়লৈ প্ৰেৰণ কৰে । অচিনাকী বলেৰোখন বিচাৰি নয়াহাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: Minor suspicious death: চিপ লাগি থকা অৱস্থাত নাবালিকা কিশোৰীৰ মৃতদেহ উদ্ধাৰ