Murder in Lakhimpur: লখিমপুৰত নৃশংস হত্যাকাণ্ড

By

Published : Aug 9, 2022, 7:08 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

লখিমপুৰত চাঞ্চল্যকৰ ঘটনা । নিজৰ বাসগৃহৰ সমীপতে উদ্ধাৰ ৰিকু আলী নামৰ এজন যুৱকৰ মৃতদেহ (Body of a youth recovered in Lakhimpur)। লখিমপুৰ নগৰৰ সমীপৰ চাপৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা । ৰিকু আলীক নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যোৱাৰ অভিযোগ কৰিছে পৰিয়ালে (Youth brutally murdered)। ২০০০ টকাৰ বাবেই ৰিকু আলীক গাঁওবুঢ়াসহ তিনিজন লোকে হত্যা কৰাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে । ৰিকু আলীক হত্যাৰ সন্দেহত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে চাদ্দাম হুচেইন আৰু ৰাজ আলী নামৰ দুজনক । আনহাতে ৰিকু আলীৰ মৃত্যুৰ পাছৰে পৰা পলাতক হৈ আছে অভিযুক্ত গাঁওবুঢ়া ছহিদুল । ইফালে ৰিকু আলীৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.