Arms seized in Kaliabor: কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ 4 যুৱক - 4 youths arrested with weapons in Kaliabor
🎬 Watch Now: Feature Video

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ 4 যুৱক (Youth arrested with arms in Kaliabor)৷ গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰি অপৰাধীক ৷ কলিয়াবৰৰ শাকমুঠিয়া চাহ বাগিচাৰ ২০ নম্বৰ লাইনৰ পৰা নিশা জখলাবন্ধা আৰক্ষীয়ে অস্ত্ৰসহ আটক কৰে অস্ত্ৰ সৰবৰাহৰ লগত জড়িত তিনি অপৰাধীক ৷ অপৰাধীকেইটা ক্ৰমে পৱন দাস, কেদাৰ দাস আৰু লক্ষীন্দৰ মণ্ডল ৷ আটকাধীন তিনি অস্ত্ৰ সৰবৰাহকাৰীয়ে আৰক্ষীক দিয়া স্বীকাৰোক্তিৰ ভিত্তিত অস্ত্ৰ যোগানধাৰী মোহন তাঁতী নামৰ এজনকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে চাৰিওটাকে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST