Fraud Arrested in Baihata :বাইহাটা চাৰিআলিত যুৱতীক ব্লেকমেইলিং কৰি গ্ৰেপ্তাৰ APDCL কৰ্মচাৰী - Blackmailing young girl at Baihata

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 4:40 PM IST

বাইহাটা, ৭ অক্টোবৰ :অসম শক্তি বিতৰণ কোম্পানীৰ কৰ্মচাৰী নামিছে ব্লেকমেইলিঙত । এই ঘটনাটো সংঘটিত হৈছে বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত ভোমোলাহাটী গাঁৱত। অসম শক্তি বিতৰণ কোম্পানীৰ প্ৰৱঞ্চক কৰ্মচাৰীটোৰ নাম নয়নজ্যোতি ডেকা । এইজন বিবাহিত কৰ্মচাৰী তথা দুটি সন্তানৰ পিতৃ নয়নে পত্নী থকাৰ পিচতো প্ৰথমে মঙলদৈৰ এগৰাকী অন্য ধৰ্মৰ যুবতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে । ইয়াৰ পিচতে বিভিন্ন প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক গঢ়ি তুলি যুৱতীগৰাকীক ব্লেকমেইলিং আৰম্ভ কৰে প্ৰৱঞ্চক নয়নে ।

অৱশেষত নয়নৰ আচল ৰূপ গম পোৱাত পুঠিমাৰী আঠৰাৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ভুক্তভোগী যুৱতীগৰাকী । কিন্তু ইয়াৰ পিচতো নয়নে বিবাহিত যুৱতী মহিলাগৰাকীক ব্লেকমেইলিং কৰিবলৈ এৰা নাছিল । আগৰ ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকিৰে পঞ্চাশ হাজাৰ টকা দাবী কৰে নয়নে।

এনেদৰে ব্লেকমেইলিং কৰাৰ পিচত উপায়ন্তৰ হৈ যুৱতীগৰাকী আৰক্ষীৰ কাষ চাপে যদিও আৰক্ষীৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপাই কাষ চাপে সংবাদ মাধ্যমৰ । অৱশেষত সংবাদ মাধ্যমৰ কৰ্মীয়ে বিষয়টো আৰক্ষীক অৱগত কৰাৰ পিচতহে আৰক্ষীয়ে নাটকীয়ভাৱে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক নয়নক ।

লগতে পঢ়ক:CBI interrogates SP Leena Doley : SP লীনা দলেক দীৰ্ঘ সময় জেৰা CBI ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.