thumbnail

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 3:39 PM IST

ETV Bharat / Videos

Dead body recovered: মৰিগাঁৱত যুৱকৰ মৃত্যুক লৈ ৰহস্য; পুখুৰীত মৃতদেহ উদ্ধাৰ

মৰিগাঁও, 21 ছেপ্টেম্বৰ: মৰিগাঁও জিলাৰ বৰঙাবাৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ পুখুৰীত পৰি মৃত্যু হ’ল কোমল দাস (30) নামৰ এজন লোকৰ ৷ মৃত লোকজনৰ ঘৰ মৰিগাঁও ময়েনগুৰিত বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত ময়নগুৰি গাঁৱৰ কংগ্ৰেছ দাসৰ পুত্ৰ কোমল দাসে অধিক সুৰা সেৱন কৰি ঘৰত কাজিয়া লাগি মঙলবাৰে নিশা ঘৰৰ পৰা ওলাই যায় ৷ ইয়াৰ পিচতে ঘৰৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়াই যুৱকজনক বিচাৰি চলাথ কৰে যদিও কোনো শুংসূত্ৰ উলিয়াব নোৱাৰে ৷ তাৰ পিচতে স্থানীয় লোকৰ লগতে পৰিয়ালৰ লোকে যুৱকজনৰ নিখোঁজ হোৱাৰ সন্দৰ্ভত মৰিগাঁৱৰ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী তথা জৰুৰীকালীন সেৱা বিভাগৰ খবৰ দিয়ে ৷

এই খবৰ লাভ কৰি নিশাৰ ভাগতে ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁও জিলাৰ এছডিআৰএফ বাহিনী । পৰৱৰ্তী সময়ত এছ ডি আৰ এফ বাহিনীয়ে এটা পুখুৰীত যুৱকজন পৰাৰ সন্দেহ কৰি এছডিআৰএফ বাহিনীয়ে পুখুৰীটোত অভিযান চলায় ৷ পিচে নিশা হোৱাৰ বাবে এছডিআৰএফ বাহিনীয়ে অভিযান সামৰিব লগা হয় । ইয়াৰ পিচতে বৃহস্পতিবাৰে পুৱাই ঘটনাস্থলীত পুনৰ এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলাই পুখুৰীৰ পৰা কোমলৰ মৃতদেহ উদ্ধাৰ কৰে । 

ইয়াৰ পিচতে ঘটনাস্থলীত দণ্ডাধীশ বিষয়া আৰু আৰক্ষী উপস্থিত হৈ মৃত লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও ছহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে । এই ঘটনাই সমগ্ৰ ময়নগুৰি অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ যুৱকজনে আত্মহত্যা কৰা বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: Robbery incident: আদবাটতে ডেলিভাৰী বয়ক চোকা অস্ত্ৰ দেখুৱাই সামগ্ৰী লুট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.