Youth death : মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি - যুৱকৰ সলিল সমাধি
🎬 Watch Now: Feature Video


Published : Aug 31, 2023, 9:13 PM IST
নলবাৰী, ৩১ আগষ্ট : ৰাজ্যত এতিয়াও শাম কটা নাই বানৰ সংহাৰ ৷ বৃহস্পতিবাৰে দুপৰীয়া নলবাৰীৰ সুৰাদীত এক শোকাৱহ ঘটনা সংঘটিত হয় ৷ মৰাপাগলাদিয়া নৈত মাছ মাৰিবলৈ গৈ এজন যুৱকৰ সলিল সমাধি ঘটে । আজি দুপৰীয়াৰ ভাগত উত্তৰ দীপ্তাৰ আকিদুল আলী নামৰ যুৱকজনে মৰাপাগলাদিয়া নৈত মাছ মাৰিবলৈ গৈ নিখোজ হৈ আছিল । মাছ মাৰি থাকোঁতে মৰাপাগলাদিয়াৰ বাঢ়নী পানীত উটি গৈছিল যুৱকজন ।
পিচত ওচৰতে মাছ মাৰি থকা লোকসকলৰ মাজত হাহাকাৰ লগাত ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ তৎপৰতাত মৰাপাগলাদিয়াৰ পৰা আকিদুলৰ মৃতদেহটো উদ্ধাৰ হয় । আকিদুলৰ মৃত্যুত শোকৰ ছাঁ পৰে সমগ্ৰ সুৰাদী অঞ্চলত । পৰৱৰ্তী সময়ত নলবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বুজ লয় সমগ্ৰ ঘটনাৰ । মৃত যুৱকজনৰ বয়স ১৮ বছৰ বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: Youth dies drugs overdose: অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত এজন যুৱকৰ মৃত্যু