Agricultural Revolution in Kaliabor: ডেৰ হাজাৰ বিঘা মাটিত কৃষি বিপ্লৱৰ জৰিয়তে নৱজাগৰণ যুৱ কৃষকৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 17, 2023, 10:29 PM IST

কলিয়াবৰ, 17 ফেব্ৰুৱাৰী: এখনি বিশাল সেউজীয়া পথাৰ ৷ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পৰা বৃহৎ সেউজীয়া পথাৰখনত আছে আপুনি বিচৰা মন পছন্দৰ সকলো শাক-পাচলি ৷ মাহ, সৰিয়হ, ৰঙালাও, আলু, পিয়াঁজ, নহৰু, বিলাহী, ফুলকবি, লাই শাক, পালেং, ধনীয়া, মূলা আদি বিভিন্ন শাক-পাচলিৰে ভৰপূৰ প্ৰায় ডেৰ হাজাৰ বিঘা কৃষি ভূমিত নাই কি ? কিন্তু এই বৃহৎ কৃষি বিপ্লৱৰ আঁৰত লুকাই আছে এচাম উদ্যমী যুৱ কৃষকৰ সাধনা (Green Revolution in Kaliabor) ।

কলিয়াবৰৰ বানেশ্বৰ চাপৰিত কৃষি বিপ্লৱ এচাম যুৱ কৃষকৰ (Agricultural Revolution in Kaliabor) ৷ সম্প্ৰতি কৃষি বিপ্লৱৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে একাংশ যুৱ কৃষকে ৷ এসময়ত স্বাধীন অসমৰ সপোন দেখা এইসকল যুৱ কৃষকৰ তৎপৰতাত গঢ় লৈ উঠিছিল ব্ৰহ্মপুত্ৰ বহুমুখী কৃষি পাম সমবায় সমিতি লিমিটেড ৷ এই কৃষি পাম সমবায় সমিতি লিমিটেডৰ জৰিয়তেই বানেশ্বৰ চাপৰিত প্ৰায় ডেৰ হাজাৰ বিঘা কৃষি ভূমিত বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ৩০০ তকৈ অধিক যুৱক আৰু বয়োজ্যেষ্ঠৰ কৃষি বিপ্লৱ ।

উল্লেখ্য যে, এসময়ত ম‍্যাদী পট্টা থকা কৃষি উপযোগী এই বৃহৎ অঞ্চলটো ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কৱলত পৰিছিল । এতিয়া সেই খহনীয়াগ্ৰস্ত ভূমিতেই শিক্ষিত নিবনুৱা যুৱক, শিক্ষক, সাংবাদিক আৰু অন্যান্য ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিয়ে মিলি কৃষি কৰ্মৰে অৰ্থনৈতিক বিপ্লৱ কৰাৰ অনন্য প্ৰয়াস কৰিছে । এইক্ষেত্ৰত কলিয়াবৰ মহকুমা কৃষি বিভাগে যথেষ্ট সহায় আগবঢ়াইছে কৃষি সমবায়খনক । আজি এই কৃষিক্ষেত্ৰখনত মহকুমা কৃষি বিভাগৰ এটা দল উপস্থিত হৈ কৃষিক্ষেত্ৰখন পৰিদৰ্শন কৰি উৎসাহ প্ৰদান কৰে যুৱ কৃষকসকলক (Farmers become self reliant by Agricultural revolution) ।

উল্লেখ্য যে, ডেৰ হাজাৰ বিঘা মাটিত ৰবি শস্যৰ খেতিৰে বজাৰ দখল কৰিবলৈ সাজু হৈছে কলিয়াবৰৰ এইসকল কৃষক । স্থানীয় শিক্ষিত যুৱ কৃষকসকলে পৃথকে-পৃথকে গোট গঠন কৰি সমবায়খনৰ জৰিয়তে আৰম্ভ কৰিছে কৃষিকাৰ্য । জখলাবন্ধাৰ পৰা পূবে হাতীমূৰা অঞ্চলৰ পৰা কুকুৰাকটা পাহাৰলৈকে ব্ৰহ্মপুত্ৰৰ বানেশ্বৰ চাপৰিৰ প্ৰায় ডেৰ হাজাৰ বিঘা কৃষি ভূমিত বিভিন্ন প্ৰজাতিৰ মাহ, সৰিয়হ, ৰঙালাও, আলু, পিয়াঁজ, নহৰু, বিলাহী, ফুলকবি, লাই শাক, পালেং, ধনীয়া, মূলা আদি বিভিন্ন শাক-পাচলিৰে খেতি কৰি স্বাৱলম্বী হ’বলৈ প্ৰয়াস কৰিছে ।

ব্ৰহ্মপুত্ৰ বহুমুখী কৃষি পাম সমবায় সমিতি লিমিটেড নামেৰে এটি সমবায় গঠন কৰি বানেশ্বৰ বালিচৰত কৃষিকৰ্মৰ জৰিয়তে কৃষি বিপ্লৱৰ সূচনা কৰিছে যুৱ কৃষকৰ লগতে বহু বয়োজ্যেষ্ঠসকলে । কিন্তু বনৰীয়া হাতী, ম’হ, গাহৰি, পহু আদিয়ে কৃষি শস্য অনিষ্ট কৰাত সমস্যা বৃদ্ধি পাইছে । ইয়াৰ বাবে কৃষকসকলে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সুফল লাভ কৰা নাই । তদুপৰি জলসিঞ্চনৰ অভাৱে কৃষকসকলক সমস্যাত পেলাইছে যদিও প্ৰাকৃতিকভাৱেই কৃষি উৎপাদনত সুখী এইসকল কৃষক । 

লগতে পঢ়ক: Honey Bee Farming: সৰিয়হ খেতিৰ সমান্তৰালকৈ মৌ পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দুগৰাকী কৃষকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.