Yoga centre inauguration: ধেমাজিত যোগ কেন্দ্ৰ মুকলি

By

Published : Dec 18, 2022, 1:48 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

ধেমাজি মাছখোৱাস্থিত ঢিপগুৰিত ঢিপগুৰি চমুৱা গাঁৱৰ ৰাইজৰ উদ্যোগত আৰু ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত শনিবাৰে মুকলি কৰা হয় এটি যোগ কেন্দ্ৰ(Yoga centre inauguration at Dhemaji) । এই যোগ কেন্দ্ৰটি আনুষ্ঠানিকভাৱে মুকলি কৰে ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ(Dhemaji District Yoga Sports Association) সম্পাদক পুলেন দাসে ৷ অনুষ্ঠানত উপস্থিত থাকি যোগৰ প্ৰয়োজনীয়তাৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলৰ আগত বিস্তৃতভাৱে বক্তব্য আগবঢ়ায় ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ প্ৰশিক্ষক নৱজ্যোতি সোণোৱালে ৷ শুভাৰম্ভনি অনুষ্ঠানত অৰ্ধশতাধিক শিক্ষাৰ্থীৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তি আৰু অভিভাৱক উপস্থিত থাকে । এই অনুষ্ঠানতেই ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ ৰাষ্ট্ৰীয় খেলুৱৈ গায়ত্ৰী সোণোৱালে যোগ কলা প্ৰদৰ্শন কৰে ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.