Yoga Awareness: ধেমাজি ধূনাগুৰি পাইত বিদ্যালয়ত যোগ সজাগতা সভা - Eco and youth club
🎬 Watch Now: Feature Video

শিক্ষাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্য বুধবাৰে ধেমাজি জিলাৰ ধূনাগুৰি পাইত প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় এক যোগ সজাগতা সভা (Yoga Awareness Programme in Dhenaji)। ধেমাজিৰ Eco and youth clubৰ উদ্যোগত এই যোগ সজাগতা সভাখন অনুষ্ঠিত হয় ৷ এই কাৰ্যসূচী অনুসৰি প্ৰধান শিক্ষয়িত্ৰীয়ে বন্তি প্ৰজ্বলনেৰে সভাখনি আৰম্ভ কৰে । ইয়াৰ পিছতেই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা পতঞ্জলি (Patanjali) স্বীকৃতিপ্ৰাপ্ত যোগৰ শিক্ষক পুলেন দাসে যোগৰ প্ৰয়োজনীয়তাৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলক ব্য়াখ্য়া কৰে । এই অনুষ্ঠানতেই ৰাষ্ট্ৰীয় খেলুৱৈ ৰঞ্জন চুতীয়াই বিভিন্ন যোগাসন কলা কৌশল প্ৰদশৰ্ন কৰে ৷
যোগাসন হৈছে মূলতঃ শৰীৰৰ এক ভংগী । আসন শব্দটোৰ সাধাৰণ অৰ্থ হৈছে ওপৰত বহা । আসনে যোগৰ আন এক অৰ্থ প্ৰকাশ কৰে । যোগৰ অনুসৰণৰ বাবে সাতটা কঠোৰ নিয়মৰ ভিতৰত অন্য়তম হৈছে দৃঢ়তা । এই দৃঢ়তা ধৰি ৰখাৰ প্ৰক্ৰিয়াটো কঠিন হিচাপে গণ্য় কৰা হয় । যোগাসনৰ জৰিয়তে শৰীৰটো স্বাস্থ্যকৰ,নমনীয় আৰু সহনশীল কৰা হয় । ইয়াৰ বাবে কিছুমান বিধিবদ্ধ শৰীৰৰ ভংগী অনুসৰণ কৰা হয় । যোগীসকলে শৰীৰটো ধ্যানৰ বাবে উপযুক্ত কৰি তুলিবলৈ কঠোৰ অনুশীলন কৰিছিল ।
নিয়মীয়াকৈ যোগাসন কৰিলে মানুহৰ শৰীৰ,মন আৰু মগজু ভালে থাকে বুলি কোৱা হয় । যোগ ব্যয়াম কৰিলে শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধি পায় বাবে নিয়মীয়াকৈ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয় । যিকোনো বয়সৰ মানুহে যোগ ব্যয়াম কৰিব পাৰে । ছাত্ৰ-ছাত্ৰীৰ মস্তিষ্ক বিকাশৰ বাবে যোগ অতি প্ৰয়োজনীয় বুলি বিশেষজ্ঞসকলে মতপোষণ কৰিছে ।
স্বাস্থ্যৱান শৰীৰৰ বাবে সকলোৱে নিয়মীয়াকৈ যোগাসন কৰাটো অতিকৈ প্ৰয়োজনীয় । শৰীৰ আৰু মন দুয়োটাৰে ওপৰত যোগৰ প্ৰভাৱ অপৰিসীম । যোগাসনেই মানসিক জড়তা আৰু ভাগৰ দূৰ কৰাত সহায় কৰে । যোগৰ জৰিয়তে,ক্ৰোধ, ক্ষিপ্ৰতাৰে মানসিক স্থিতি নিয়ন্ত্ৰণ কৰাটো সম্ভৱ । সেইবাবে আজিকালি ছাত্ৰ-ছাত্ৰীসকলক এই বিষয়টোত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে ।