ৰহা মীন মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিশ্ব মীন দিৱস

🎬 Watch Now: Feature Video

thumbnail

ৰহা, 20 নৱেম্বৰ : অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰহা মীন মহাবিদ্যালয় আৰু বেচৰকাৰী সংস্থা কলং-কপিলীৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ৰহা মীন মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে বিশ্ব মীন দিৱস ৷ সোমবাৰে পুৱা মৎস্য মেলাৰ দ্বাৰ উন্মোচনেৰে কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ মৎস্য মেলাৰ দ্বাৰ উন্মোচন কৰে ৰহাৰ বিধায়ক শশীকান্ত দাসে ৷

ইয়াৰ পিছতে বিভিন্ন প্ৰান্তৰ পৰা অহা মীন পালক সকলৰ সৈতে বিশেষজ্ঞ সকলৰ এক মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয় ৷ মত বিনিময় অনুষ্ঠানত মীন পালক সকলে মীন পালনৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা সমূহ অৱগত কৰাৰ লগতে ইয়াৰ সমাধানৰ বাবে বিজ্ঞানী তথা বিশেষজ্ঞ সকলে বিভিন্ন পৰামৰ্শ আগবঢ়ায় ৷

দুদিনীয়াকৈ অনুষ্ঠিত এই কাৰ্যসূচীত মৎস্য ব্যঞ্জন প্ৰতিযোগিতা, তথ্যচিত্ৰ প্ৰদৰ্শনী, সাংস্কৃতিক অনুষ্ঠান, আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰা হৈছে ৷ উল্লেখ্য যে দুদিনীয়া এই বিশ্ব মীন দিৱসত ৰাজ্যৰ বহু কেইটা অগ্ৰণী আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে ৷ লগতে মীন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও‌ তেওঁলোকৰ বিভিন্ন প্ৰকল্প প্ৰদৰ্শন কৰে ৷ অনুষ্ঠানত কেইবাগৰাকীও মীন বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছে ৷ 

লগতে পঢ়ক : ডিচেম্বৰত গুৱাহাটীত সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ; ৰ' স্পৰ্টছৰ উদ্যোগত প্ৰথমবাৰৰ বাবে স্পৰ্টছ এক্সপ'

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.