World Bank delegation in Rangia: ৰঙিয়াত কৃষকৰে বিশ্ব বেংকৰ প্ৰতিনিধিৰ মতবিনিময়

By

Published : Jun 29, 2023, 7:22 AM IST

thumbnail

ৰঙিয়া, ২৯ জুন: ৰঙিয়াত বুধবাৰে বিশ্ব বেংকৰ এটি প্ৰতিনিধি দল উপস্থিত হয় । ৰঙিয়াৰ সোণালী এফ পি চিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত দলটোৰ বিষয়াসকলে কৃষকসকলৰ সৈতে তেওঁলোকৰ বিভিন্ন দিশত বিত্তীয় লেনদেনৰ বিষয়ে মত বিনিময় কৰে । বিশ্ব বেংকৰ ৱাশ্বিংটন ডিচিৰ বিত্ত বিষয়া ত'শ্বিয়াকী অ'ন'ই কৃষকসকলক খেতিৰ বাবে কেনেদৰে ধন সংগ্ৰহ কৰে, বিশেষকৈ বীজ, সাৰ আৰু কীটনাশক কিনিবলৈ কেনেদৰে মূলধন গোটাই এই বিষয়ে প্ৰশ্ন কৰে ।  

ভৱিষ্যতে কৃষকসকলক বিত্তীয় দিশত সকাহ দিয়াৰ বাবে বিশ্ব বেংকে বিভিন্ন আঁচনি গ্ৰহণৰ উদ্দেশ্যৰে বিষয়াগৰাকীয়ে অসমৰ বিভিন্ন স্থানত সমীক্ষা চলাই আছে ।  এই সভাখনৰ অন্তত জিলা নডেল বিষয়া মানস প্ৰতিম মহন্তই কয় যে কৃষক সকলে বিভিন্ন বেংকৰ লগতে চৰকাৰে প্ৰদান কৰা কে চি চি ঋণ লাভৰ ক্ষেত্ৰত যথেষ্ট নথি-পত্ৰ জমা দিবলগীয়া হয় । তেওঁলোকে লগতে উচ্চ হাৰত সুত পৰিশোধ কৰিবলগীয়াও হয় । এই ক্ষেত্ৰত বিশ্ব বেংকে যদিহে কৃষক সকলক এফ পি চিৰ জৰিয়তে কম সূতৰ হাৰত সহজলভ‍্য ঋণ লাভৰ বাবে সুবিধা প্ৰদান কৰে তেন্তে ভৱিষ্যতে কৃষক সকল যথেষ্ট লাভৱান হ'ব বুলি বিষয়া গৰাকীয়ে আশা প্ৰকাশ কৰে ।  

লগতে পঢ়ক:Assam govt MoU: মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্য চৰকাৰ আৰু ‘পেহলে ইণ্ডিয়া ফাউণ্ডেশ্যন’ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.