thumbnail

By

Published : Oct 12, 2022, 1:39 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

NEP 2020 : মাজুলীত ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত কৰ্মশালা

বুধবাৰে অসম কলেজ শিক্ষক সন্থা, মাজুলী মাণ্ডলিক সমিতিৰ উদ্যোগত আৰু জেংৰাইমুখ মহাবিদ্যালয়ৰ সহযোগত জেংৰাইমুখ মহাবিদ্যালয়ত 'ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ (National Education Policy 2020) : প্ৰত্যাহ্বান আৰু সম্ভাৱনা' শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত হয় (Workshop on NEP in Majuli) । উক্ত কৰ্মশালাত অসম চৰকাৰৰ শিক্ষা উপদেষ্টা (Education advisor of Assam Govt) ডঃ ননীগোপাল মহন্তই (Nani Gopal Mahanta) মুখ্য অতিথি তথা নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে । ডঃ ননীগোপাল মহন্তক মাজুলীৰ ৫ খন মহাবিদ্যালয়ৰ ৫ টাকৈ সাংস্কৃতিক দলে মিচিং গোমৰাগ নৃত্য, দেউৰী বিহু, অসমীয়াৰ বাপতি সাহোন বিহু আৰু সত্ৰীয়া সংস্কৃতিৰ গায়ন-বায়নেৰে আদৰণি জনায় । আজি জেংৰাইমুখ মহাবিদ্যালয়ত অনুষ্ঠিত উক্ত কৰ্মশালাখন সঞ্চালনা কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যাপক ডঃ ৰাজেন বৰাই । কৰ্মশালাৰ উদ্ধোধনী ভাষণ প্ৰদান কৰে মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্তই ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.