Workshop in Sarupothar: সৰুপথাৰত মহকুমা প্ৰশাসনৰ উদ্যোগত বিশেষ কৰ্মশালা - সৰুপথাৰত মহকুমা প্ৰশাসনৰ উদ্যোগত বিশেষ কৰ্মশালা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-09-2023/640-480-19416610-thumbnail-16x9-wrkshp-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 2, 2023, 7:21 PM IST
সৰুপথাৰ,২ ছেপ্টেম্বৰ: মহিলা সৱলীকৰণৰ ক্ষেত্ৰত ধনশিৰি মহকুমা প্ৰশাসনৰ বিশেষ পদক্ষেপ । আয়োজন কৰা হয় ১৫ দিনীয়া এক বিশেষ কৰ্মশালা । ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ৰেচম বিভাগৰ সহযোগত সৰুপথাৰ পদুমনিস্থিত ৰেচম বিভাগৰ কাৰ্যালয়ত শনিবাৰৰ পৰা মহিলাসকলৰ মাজত পোন্ধৰদিনীয়াকৈ "প্ৰাকৃতিক ৰং আৰু সামগ্ৰী উৎপাদন"ৰ এক কৰ্মশালাৰ আয়োজন কৰা হয় ।
মহকুমাধিপতি দিনছেংফা বৰুৱাৰ নিজাববীয়া চিন্তা আৰু প্ৰচেষ্টাৰে আৰম্ভ কৰা এই কৰ্মশালাত ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩০ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছে । আৰম্ভণি অনুষ্ঠানত মহকুমাধিপতি দিনছেংফা বৰুৱাৰ লগতে কাৰ্যবাহী বিষয়া সুতৃষ্ণা বৰদলৈ, সৰুপথাৰ পৌৰসভাৰ পৌৰপতি উষা আগৰৱালা, গোলাঘাট জিলা সাংবাদিক সন্থাৰ সম্পাদক দ্বিপেন বৰা উপস্থিত থাকি শুভাচ্ছামূলক বক্তব্য আগবঢ়াই ।
লগতে পঢ়ক: Broken bridge:চাৰণপাৰত গেৰুৱা নদীৰ ভঙা দলঙে বিঘ্নিত কৰিছে যাতায়ত ব্যৱস্থা