চাহ মজদুৰ সংঘৰ বিষয়ববীয়া নিৰ্বাচনত জালিয়াতি, সংবিধান উলংঘাৰ অভিযোগ
🎬 Watch Now: Feature Video
Published : Dec 21, 2023, 7:02 AM IST
মৰিয়নী, 21 ডিচেম্বৰ : মৰিয়নীৰ কঠালগুৰি চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। চাহ মজদুৰ সংঘৰ বিষয়ববীয়া নিৰ্বাচনক লৈ ক্ষোভ বৃহত্তৰ শ্ৰমিক সমাজৰ । নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ পূৰ্বৰ সভাপতি, সম্পাদককে পুনৰ যোৰহাট জিলা সমিতিয়ে নিৰ্বাচিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । যোৰহাট চাহ মজদুৰ সংঘই নিৰ্বাচনী আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ।
ইয়াৰ পিচতে সংঘৰ জিলা সমিতিৰ সভাপতি বিলাতী তাঁতী আৰু সম্পাদক নিলেশ গণ্ডক আবদ্ধ কৰি জবাবদিহি কৰে উত্তেজিত শ্ৰমিকে । ফলত দুয়োপক্ষৰ মাজত হতাহতি আৰম্ভ হোৱাৰ লগে লগে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ।
সংবিধান অনুসৰি সংঘৰ কাৰ্যকাল তিনিবছৰীয়া । প্ৰতি তিনিবছৰত নতুন সমিতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে, কিন্তু সংবিধান উলংঘা কৰি যোৰহাট জিলা সমিতিয়ে পুনৰ তিনিবছৰ বাবে পূৰ্বৰ সমিতিখনকে বাহাল ৰখাক লৈ উত্তেজিত হৈ পৰে শ্ৰমিকসকলে ৷ বাগিচাখনৰ শ্ৰমিকক পূৰ্বৰ সমিতিখনৰ বিষয়ববীয়াই বিভিন্ন প্ৰলোভন আৰু সুৰা প্ৰদান কৰি তেওঁলোকৰ সমৰ্থন আদায় কৰাৰ চেষ্টা কৰে বুলি ক্ষোভ উজাৰে ৷
লগতে পঢ়ক: দুধনৈ-পলাশবাৰীত হ’ব দুখনকৈ নতুন আয়ুৰ্বেদিক মহাবিদ্যালয়