thumbnail

Worker dies at NRL project: নুমলীগড় শোধনাগাৰ প্ৰকল্পত শ্ৰমিকৰ শোকাৱহ মৃত্যু

By

Published : Feb 22, 2023, 7:47 AM IST

গোলাঘাট, ২২ফেব্ৰুৱাৰী: নুমলীগড় শোধনাগাৰ প্ৰকল্পত পুনৰ অঘটন (Tragic incident at NRL campus) ৷ কেইদিনমান পূৰ্বে শোধনাগাৰ প্ৰকল্প চৌহদত লোহা সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত ডাম্পাৰৰ চেপাত এজন লোকৰ মৃত্য়ু হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই এইবাৰ পাইপ বাগৰি আন এজন শ্ৰমিকৰ মৃত্যু হয় (Worker death at Numaligarh Refinery Project ) ৷ মৃত্য়ু হোৱা শ্ৰমিকজন গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত নিযোজিত হৈ আছিল বুলি জানিব পৰা গৈছে ৷

অভিযোগ অনুসৰি, সম্প্ৰসাৰণ প্ৰকল্পৰ নিৰ্মান কাৰ্যত নিয়োজিত মূল নিৰ্মাতা তথা পৰমৰ্শদাতা কোম্পানী টেকনিপ এনাৰ্জি আৰু ইয়াৰ অধীনৰ পাঞ্জাব ইঞ্জিনিয়াৰিং কোম্পানীৰ চৰম দায়িত্বহীনতা আৰু গাফিলতিৰ বাবেই মঙলবাৰে শোধনাগাৰ প্ৰকল্পত পুনৰ আন এজন শ্ৰমিকে মৃত্যুক সাবটিব লগীয়া হ’ল (Punjab Engineering Company)৷

উল্লেখ্য যে, পঞ্জাব ইঞ্জিনিয়াৰিং কোম্পানীৰ অধীনত বোকাখাতৰ কুৰুৱাবাহীৰ শৰৎ বৰা নামৰ ৪৬ বছৰীয়া লোকজনে মঙলবাৰে প্ৰথম বাৰৰ বাবে সেই স্থানত কাম কৰিবলৈ আহিছিল আৰু এই প্ৰথম দিনটোতেই মৃত্যুক সাৱতি লয় এই শ্ৰমিকজনে ৷ তেওঁ শোধনাগাৰ প্ৰকল্পৰ ভিতৰ ভাগত থকা এটা পাইপৰ দ'মৰ কাষত কাম কৰি আছিল । এইদৰে কাম কৰি থকাৰ অৱস্থাতেই কাষেৰে এখন তেল ভৰ্তি ৰেল পাৰহৈ যোৱাৰ সময়ত পাইপৰ দ'মটো খহি আহি শৰৎ বৰাৰ শৰীৰৰ ওপৰত পৰেহি । যাৰ পৰিণতিত শ্ৰমিকজনে থিতাতে মৃত্য়ুক আকোৱালি ল’ব লগা হয় ৷  

এই শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ পিছতেই এন আৰ এল প্ৰকল্প চৌহদত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় । বিষয়টোৰ ক্ষেত্ৰত নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নে প্ৰকল্প চৌহদটোত কোনো সুৰক্ষা ব্যৱস্থা নথকাৰ কথা উল্লেখ কৰি টেকনিপ এনাৰ্জি আৰু পঞ্জাব ইঞ্জিনিয়াৰিঙক তদন্তৰ আওতালৈ আনি প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে ৷ পাইপৰ দ'মটো এই কোম্পানী দুটাই সুৰক্ষিত অৱস্থাত নৰখাৰ বাবেই এনে অঘটন সংঘটিত হ’বলৈ পালে বুলি অভিযোগ কৰিছে শ্ৰমিক সংগঠনটোৱে । তাৰোপৰি মৃত শ্ৰমিকজনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বাবে শ্ৰমিক ইউনিয়নটোৱে দাবী জনাইছে ৷

লগতে পঢ়ক:Exam Paper Leaked: প্ৰশ্নকাকত ফাদিল; নৱম শ্ৰেণীৰ অসমীয়া আৰু সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.