thumbnail

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 10:59 PM IST

ETV Bharat / Videos

Chandrayaan 3: এয়া এটা প্ৰজন্মৰ নেতৃত্ব আৰু বিজ্ঞানীৰ পৰিকল্পনা; ইছৰোৰ মুৰব্বী সোমনাথ

নেশ্যনেল ডেস্ক, 23 আগষ্ট: আজি চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান 3 অৱতৰণ কৰাৰ পিচতেই দেশবাসীৰ মাজত উছাহৰ বন্যা বৈছে ৷ এই মাহেন্দ্ৰ ক্ষণত ইছৰোৰ অধ্যক্ষ এছ সোমনাথে চন্দ্ৰযান-3 অভিযানৰ সফলতাৰ বাবে দেশৰ মহাকাশ সংস্থাৰ এক প্ৰজন্মৰ নেতৃত্ব আৰু বিজ্ঞানীৰ অৱদানৰ কথা স্বীকাৰ কৰি কয় যে, এই সাফল্য হৈছে এক "বৰ্ধিত প্ৰগতি" আৰু "এক বৃহৎ প্ৰগতি"৷  

ইছৰোৰ অধ্যক্ষ এছ সোমনাথে উৎফুল্লিত হৈ কয় যে, "প্ৰধানমন্ত্ৰী মহাশয়, আমি চন্দ্ৰত ছফ্ট  লেণ্ডিং কৰি ইতিহাস ৰচিছো ৷ আজি ভাৰত চন্দ্ৰত আছে ৷"

অধ্যক্ষগৰাকীয়ে কয় যে, "মাননীয় প্ৰধানমন্ত্ৰীয়ে মোক ফোন কৰি, এই অভিযানত জড়িত থকা প্ৰত্যেককে আৰু আমাৰ ইছৰ’ পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰে ৷ চন্দ্ৰযান-৩ ৰ দৰে অভিযানত আগবাঢ়িবলৈ প্ৰধানমন্ত্ৰীয়ে আমাক জনোৱা সমৰ্থনৰ বাবে তেওঁক ধন্যবাদ ৷ আমি ৰাষ্ট্ৰৰ বাবে কৰি থকা কৰি এই কামসমূহক অনুপ্ৰেৰণামূলক বুলি উল্লেখ কৰা শব্দটোৱেই মহান শব্দ ৷"  

সোমনাথে মিছনটোৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰা সকলোকে আৰু মহাকাশ সংস্থাৰ প্ৰাক্তন মুৰব্বী এ এছ কিৰণ কুমাৰৰ দৰে ইছৰোৰ প্ৰাক্তন সকলক ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ লগতে কয়, "তেওঁলোকে আমাক যথেষ্ট সহায় কৰি আহিছে ৷ আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰা আৰু পৰ্যালোচনা সম্পন্ন কৰাত সহায় কৰিবলৈ দলটো আমাক শুদ্ধ পথেৰে পৰিকল্পনা কৰিবলৈ পথ প্ৰদৰ্শন কৰিছিল ৷"

লগতে পঢ়ক: India on Moon: ভাৰতৰ সফল চন্দ্ৰ অভিযান; গৌৰৱাম্বিত দেশবাসী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.