সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰ দিয়া কাৰ্যৰ বিৰোধিতাৰে মহিলাৰ পথ অৱৰোধ

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 10:50 PM IST

thumbnail

মঙলদৈ, 8 জানুৱাৰী : মঙলদৈত হঠাৎ এদল মহিলাই কৰিলে পথ অৱৰোধ । মঙলদৈ চহৰৰ ৫ নং ৱাৰ্ডত মদৰ দোকানৰ অনুজ্ঞাপত্ৰ দিয়া কাৰ্যৰ বিৰোধিতাৰে মহিলাৰ পথ অৱৰোধ । জনবসতিপূৰ্ণ অঞ্চলটোত বিলাতী মদৰ দোকান দিবলৈ ওলোৱাৰ বিৰোধিতা কৰিয়েই প্ৰতিবাদত নামিল মহিলাসকল ।

‘আমাক মদৰ দোকান নালাগে, ফাৰ্মাচী দিয়ক’ বুলি মন্তব্য কৰে সচেতন মহিলাই । মদৰ দোকান খোলাৰ বিৰোধিতাৰে মঙলদৈ চহৰৰ ৰাজপথলৈ ওলাই আহিল এইসকল মহিলা । দোকানৰ স্বত্বাধিকাৰীৰ ওচৰলৈ স্থানীয় ৰাইজে আপত্তি দৰ্শাবলৈ যোৱাত কুকুৰ লগাই খেদাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে মহিলাসকলে । উক্ত অঞ্চলৰ মহিলা তথা ৰাইজৰ এটাই দাবী, পাঁচ নম্বৰ ৱাৰ্ডত মদৰ দোকানৰ সলনি দৰকাৰ হ’লে এখন ফাৰ্মাচী দিয়ক । যদিহে স্থানীয় ৰাইজৰ অভিযোগ নামানে তেন্তে ৰাইজে আইন হাতত তুলি লোৱাৰ হুংকাৰ প্ৰদান কৰে ৰাইজে ।

লগতে পঢ়ক : OC ছাৰক সোধক মই মদ খাওঁ নে নাখাওঁ: সুৰাপায়ীৰ দম্ভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.