Woman Hit by Train in Nalbari : নলবাৰীত ৰে’লৰ খুন্দাত নিহত মহিলা - নলবাৰী পুস্পকপুৰ
🎬 Watch Now: Feature Video
নলবাৰী, ১৬ আগষ্ট : নলবাৰী চহৰৰ পুস্পকপুৰৰ ২২ নং ৰে’ল গেটত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ নলবাৰী চহৰৰ মাজেৰে যোৱা জম্মু তাৱী অমৰনাথ এক্সপ্রেছৰ খুন্দাত নিহত হয় এগৰাকী মহিলা ৷ ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ ৷
বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মহিলাগৰাকীৰ মৃতদেহটো ৷ জানিব পৰা মতে বুধবাৰে বিয়লিৰ ভাগত নলবাৰী চহৰৰ ২২ নং ৰে’ল গেটত জম্মু তাৱী অমৰনাথ এক্সপ্ৰেছ ৰে’লগাড়ীখন তীব্ৰবেগে আহি থকা অৱস্থাত মহিলাগৰাকীয়ে ৰে’ল কৰ্মীৰ চিগনেল অৱমাননা কৰি ৰে’ল পথটো পাৰ হ’বলৈ চেষ্টা কৰিছিল ৷ তেনে অৱস্থাতে ৰে’লখনৰ খুন্দাত মৃত্যু হয় মহিলাগৰাকীৰ ৷ উক্ত ঘটনাক লৈ এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত ৷
লগতে পঢ়ক : Uttarakhand Disaster: ঋষিকেশত ভূমিস্খলনত জীৱন্তে সমাধিস্থ 5 জনৰ মৃতদেহ উদ্ধাৰ