Woman missing in Sarupathar: সৰুপথাৰত ধনশিৰি নৈত সন্ধানহীন দুটি সন্তানৰ মাতৃ - Woman missing in Sarupathar
🎬 Watch Now: Feature Video


Published : Sep 15, 2023, 3:15 PM IST
সৰুপথাৰ,১৫ ছেপ্টেম্বৰ: সৰুপথাৰত চাঞ্চল্যকৰ ঘটনা । ধনশিৰি নৈত সন্ধানহীন এগৰাকী মহিলা । শুকুৰবাৰে পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল মহিলাগৰাকী । পুৱা সৰুপথাৰ বলো ঘাটৰ সমীপত সংঘটিত হয় এই ঘটনা । সন্ধানহীন মহিলাগৰাকী ২৯ বছৰীয়া সোণালী কেৰ্কেটা বুলি জাানিবপৰা গৈছে ।
সন্ধানহীন মহিলাগৰাকীৰ ঘৰ সৰুপথাৰৰে ১ নং পদুমণিত গাঁৱত । দুটা সন্তানৰ মাতৃ সোণালী কেৰ্কেটা মৃগী বেমাৰত আক্ৰান্ত আছিল । শুকুৰবাৰে পুৱাই মহিলাগৰাকী ঘৰতেই মৃৰ্গী ৰোগত আক্ৰান্ত হৈ প্ৰথমতে ঢলি পৰে । ইয়াৰ পিচত অৰ্ধচেতন অৱস্থাত ওলাই আহিছিল ঘৰৰ পৰা । পুৱা স্থানীয় লোকে নৈত পৰি যোৱাৰ দেখি খবৰ দিয়ে ঘৰৰ মানুহক ।
পৰিয়ালৰ লোকে ঘটনাৰ সম্পৰ্কত খবৰ দিয়ে সৰুপথাৰ আৰক্ষীক । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । গোলাঘাটৰ পৰা অহা SDRF বাহিনীয়ে মহিলাগৰীৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।
লগতে পঢ়ক: Dilip Kumar Hazarika demise: বিশিষ্ট অভিনেতা দিলীপ কুমাৰ হাজৰিকাৰ দেহাৱসান