Chirang woman molestation: জঘন্য ! মহিলাৰ দেহৰ কাপোৰ ফালি ভিডিঅ’ ভাইৰেল কৰিলে সামাজিক মাধ্যমত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 27, 2023, 9:52 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

চিৰাং, 27 জানুৱাৰী: ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ এগৰাকী মহিলাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে উলংগ কৰি ভিডিঅ’ প্ৰস্তুত কৰি ভাইৰেল কৰিলে কেইটামান পাষণ্ডই(Woman molestation in Chirang) ৷ চিৰাং জিলাৰ নাঙলভঙা মাদাৰপুৰত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷  

উল্লেখ্য যে, প্ৰায় 10 দিন পূৰ্বেই সংঘটিত হৈছিল এই ঘটনা ৷ এই সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে বেংতল আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ ৷ কিন্তু আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰক্ষীয়ে ৷ যাৰ বাবে এতিয়া ন্যায় বিচাৰি সংবাদিকৰ কাষ চাপিছে ভুক্তভোগী মহিলাগৰাকী ৷  

সংবাদমাধ্যমৰ আগত মহিলাগৰাকীয়ে সদৰী কৰা অনুসৰি, পথেৰে গৈ থকা অৱস্থাত কেইটামান লম্পটে মহিলাগৰাকীক বলপূৰ্বকভাৱে লৈ যায় হাবিলৈ ৷ ইয়াৰ পিচতেই মহিলাগৰাকীৰ দেহৰ কাপোৰ ফালি ভিডিঅ’ কৰাৰ লগতে যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰে(Attempt to rape in Chirang) ৷ লগতে সেই ভিডিঅ’ ভাইৰেল কৰে সামাজিক মাধ্যমত ৷ ইফালে, কোনোমতে হাত সাৰিবলৈ সক্ষম হয় মহিলাগৰাকী ৷ 

ঘটনাৰ পিচতেই মহিলাগৰীয়ে আৰক্ষীৰ কাষ চপাৰ কথা সংবাদমাধ্যমৰ আগত উল্লেখ কৰিছে যদিও কিয় আজিলৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে সেয়াহে ৰহস্যৰ বিষয়া ৷ আনহাতে, সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাই বিষয়টো শুকুৰবাৰে অৰ্থাৎ আজিহে গম পোৱা বুলি উল্লেখ কৰাৰ লগতে অভিযুক্তক বিচাৰি অভিযান আৰম্ভ কৰা বুলি সদৰী কৰে ৷ লগতে দোষীক কঠোৰ শাস্তি বিহা হ’ব বুলিও মন্তব্য কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ 

মন কৰিবলগীয়া যে, ৰাজ্যত ব্যাপক হাৰত সংঘটিত হৈছে মহিলাৰ বিৰুদ্ধে অপৰাধমূলক ঘটনা তথা নাৰী নিৰ্যাতনৰ ঘটনা ৷ শেহতীয়াকৈ প্ৰকাশ পোৱা National Crime Records Bureauৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷ লগতে বৃদ্ধি পাইছে ঘৰুৱা হিংসাৰ ঘটনাও ৷ গতিকে, আৰক্ষী তথা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলেহে ৰাজ্যত হ্ৰাস পাব এনে সমূহ ঘটনা ৷ 

লগতে পঢ়ক: Gang rape at Basistha : গুৱাহাটীৰ বশিষ্ঠত দহ যুৱকৰ কামনাৰ বলি এগৰাকী যুৱতী

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.