Woman Missing : নাৰায়ণপুৰ ভোলাবৰিত দুই সন্তানৰ মাতৃ নিৰুদ্দেশ - Woman goes missing in Narayanapur Bholabari
🎬 Watch Now: Feature Video


Published : Sep 23, 2023, 2:13 PM IST
বিহপুৰীয়া, 23 ছেপ্টেম্বৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ভোলাবৰিৰ এগৰাকী দুই সন্তানৰ মাতৃ নিৰুদ্দেশ ৷ বিগত বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে ভোলাবৰিৰ পিংকী কৰুৱা নামৰ মহিলাগৰাকী ৷ উল্লেখ্য যে, মহিলাগৰাকী যোৱা 19 ছেপ্টেম্বৰত ওচৰৰ চাহ বাগানৰ পৰা কামৰ পইচা আনিবলৈ গৈ আজিলৈকে নিৰুদ্দেশ হৈ আছে ।
ইফালে কৰ্মসূত্ৰে অৰুণাচলত থকা স্বামী অনিল কৰুৱাই পত্নী নিৰুদ্দেশ হোৱাৰ খবৰ পোৱাৰ পাচতে পত্নীৰ সন্ধাত বিভিন্ন ঠাইলৈ গৈছিল যদিও আজিও সন্ধান লাভ কৰা নাই ৷ সেয়ে হাহাকাৰ দুই সন্তানৰ লগতে স্বামীৰ ৷ মহিলাগৰাকীৰ সন্ধান দিওতালৈ পুৰস্কাৰ হিচাপে 20 হাজাৰ টকা আগবঢ়াব বুলিও জানিবলৈ দিছে অনিল কৰুৱাই ৷ যদিহে মহিলাগৰাকীৰ সন্ধান পায় তেতিয়া হ’লে 60095-02219 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই অনিল কৰুৱাই ৷
লগতে পঢ়ক:Youth missing news: নাৰায়ণপুৰৰ জামুগুৰিৰ পৰা নিৰুদ্দেশ ১৯ বছৰীয়া দিপিকান্ত মিলি