Drowns to death: শোকাৱহ! কলগাছিয়াত ঘৰৰ পুখুৰীত পৰি মৃত্যু চাৰি সন্তানৰ মাতৃৰ - বালিকুৰি আৰক্ষী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 27, 2023, 9:25 AM IST

জনীয়া, 27 জুন : কলগাছিয়াৰ বালিকুৰিত অঘটন ৷ বৰপেটা জিলাৰ বালিকুৰি আৰক্ষী চকীৰ অন্তৰ্গত বালিকুৰি এন চি গাঁৱত সোমবাৰে বিয়লি ভাগত পুখুৰীত গা ধুবলৈ গৈ এগৰাকী মহিলাৰ সলিল সমাধি ঘটে ৷ নিহত মহিলাগৰাকীৰ আব্দুৰ ৰহিমৰ পত্নী হাছিনা খাতুন (32) বুলি জানিব পৰা গৈছে ৷ চাৰি সন্তানৰ মাতৃগৰাকীৰ হঠাৎ মৃত্যু হোৱাত সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ ৷

বিৱৰণি অনুসৰি, ঘৰৰ সকলো কাম-বন কৰি বিয়লিৰ ভাগত ঘৰৰ পিছফালে থকা পুখুৰীটোত গা-ধুবলৈ গৈছিল হাছিনা খাতুন ৷ কিন্তু কিন্তু গা-ধুই বহু সময়লৈকে ঘৰলৈ উভতি নহাত ঘৰৰ মানুহে বিচাৰিবলৈ আৰম্ভ কৰে । বহু সময়লৈকে হাছিনাক বিচাৰি নাপাই ঘৰৰ পুখুৰীত হাছিনাক বিচাৰিবলৈ আৰম্ভ কৰে ৷ পৰৱৰ্তী সময়ত ঘৰৰ পুখুৰীৰ পৰাই উদ্ধাৰ কৰা হয় হাছিনাক ৷

জানিব পৰা মতে, হাছিনা মৃগী ৰোগত আক্ৰান্ত ৷ মৃগী ৰোগৰ বাবেই কেইবাবাৰো জুইত পুৰি গুৰুতৰভাৱে আহত হৈছিল হাছিনা । সোমবাৰেও পুখুৰীত নমাৰ পিচত হাছিনাৰ মৃগী ৰোগে উক দিয়াত পানীৰ পৰা উঠিব নোৱাৰাৰ ফলতে তেওঁৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছছে ৷

ইফালে ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত বালিকুৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : Body recovered in Diliajan:দুলীয়াজানত নৈত ছাত্ৰৰ সলিল সমাধি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.