বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ মৃত্যু - elephant menace
🎬 Watch Now: Feature Video
Published : Jan 9, 2024, 10:01 PM IST
ৰঙাপৰা, 9 জানুৱাৰী : শোণিতপুৰ জিলাৰ মিছামাৰীত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু ঘটে । সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত শুকান খৰি আনিবলৈ গৈ অকালতে প্ৰাণ হেৰুৱালে ৪০ বছৰীয়া মহিলা গৰাকীয়ে । মহিলাৰ গৰাকীৰ নাম চালনি মুৰা । ঘৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত নাহৰণিত ।
সোমবাৰে দিনৰ ভাগত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ দাঁতি-কাষৰীয়া গাঁৱৰ প্ৰায় 15/20 জনীয়া পুৰুষ-মহিলাৰ দল এটাৰ সৈতে চালনি মুৰাও শুকান খৰি আনিবলৈ অভয়াৰণ্যৰ ভিতৰলৈ গৈছিল । ঠিক তেনে সময়তে বনৰীয়া হাতীৰ সৈতে মুখামুখি হোৱাত বাকীকেইজন নিৰাপদ স্থানলৈ আঁতৰি আহিবলৈ সক্ষম হয় যদিও বনৰীয়া হাতীৰ আক্ৰমণত চালনি মুৰাৰ মৃত্যু ঘটে ।
মহিলা গৰাকীৰ মৃতদেহ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ বিষয়া বিভূতি মজুমদাৰে মিছামাৰী আৰক্ষীৰ উপস্থিতিত উদ্ধাৰ কৰে । উল্লেখ্য যে, সোণাই-ৰূপাই অভয়াৰণ্যখনৰ ভিতৰত অৱৈধভাৱে প্ৰৱেশ নকৰিবলৈ অভয়াৰণ্যখনৰ কৰ্তৃপক্ষই বাৰম্বাৰ বাধা প্ৰদান কৰি আহিছে যদিও একাংশ ৰাইজে সেই কথালৈ কাণসাৰ নিদিয়ে ।
লগতে পঢ়ক : বিহালী সমষ্টিৰ বিহপুখুৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ