লক্ষ্মী পূজাৰ নিশা পুখুৰীত পৰি মহিলাৰ মৃত্যু - Woman dies after falling into pond at Moran

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 10, 2022, 1:08 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজাৰ (incident Occured at Moran on Lakashmi Puja) দিনটোতে মৰাণত সংঘটিত হ'ল এক অঘটন । ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ (Maran Police Station) অন্তৰ্গত নতুন মাঝি গাঁৱত দেওবাৰৰ নিশা পুখুৰীত পৰি মৃত্যু হ'ল এগৰাকী তিনি সন্তানৰ মাতৃৰ (Woman dies after falling into pond at Moran)। জানিব পৰা মতে, নতুন মাঝি গাঁৱৰ জীৱন কৰ্মকাৰ আৰু ৰঞ্জিতা কৰ্মকাৰে(৪৪) নিশা সমন্ধীয় লোকৰ পৰিয়ালৰ পৰা আহি শৌচ কৰিবলৈ যায় । সেই সময়ত জীৱনে শুবলৈ যায় । ইপিনে, ঘৰৰ চৌহদত থকা পুখুৰীৰ পৰা পানী তোলোতেই ৰঞ্জিতা পানীত পৰাৰ সন্দেহ । পুৱাই পুখুৰীত ৰঞ্জিতাৰ মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে । ইতিমধ্যে মৰাণ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে । আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পাছতহে জানিব পৰা যাব তিনি সন্তানৰ মাতৃৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.