Guwahati Accident: মহানগৰীৰ ৰুক্মিণী গাঁৱত মহিলা বাহন চালকৰ সন্ত্ৰাস; বহু দূৰ চোঁচৰাই লৈ গ’ল স্কুটি আৰোহীক - Rukmini Gaon
🎬 Watch Now: Feature Video
Published : Aug 23, 2023, 3:38 PM IST
গুৱাহাটী,23 আগষ্ট: মহানগৰীত পুনৰ সংঘটিত হৈছে হিট এণ্ড ৰানৰ দৰে অনুৰূপ ঘটনা । এইবাৰৰ স্থান মহানগৰীৰ ৰুক্মিণী গাঁৱত । ৰুক্মিণী গাঁও ট্ৰেফিক পইণ্টৰ ওচৰত এখন চাৰিচকীয়া বাহনে স্কুটি আৰোহীক খুন্দামাৰি বহু দূৰলৈ চোঁচৰাই লৈ যায় ৷
অভিযোগ অনুসৰি DN 09 Q 4808 নম্বৰৰ চাৰিচকীয়া বাহনখনে স্কুটি আৰোহীক খুন্দিয়াই বহুদূৰ চোঁচৰাই নিয়ে ৷ DN 09 Q 4808 নম্বৰৰ চাৰিচকীয়া বাহনখন চলাই আহিছিল এগৰাকী মহিলাই । আনহাতে স্কুটি আৰোহীক খুন্দিয়াই পলাবলৈ চেষ্টা কৰে মহিলাগৰাকীয়ে ৷
কিন্তু ৰাইজৰ তৎপৰতাত আৱদ্ধ কৰি ৰাখে মহিলাগৰাকীক ৷ এই ঘটনাৰ পাচতে বাহনখন ক্ষতিসাধন কৰে ক্ষোভিত ৰাইজে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ থানাত লৈ যায় মহিলাগৰাকীক ।
উল্লেখ্য যে প্ৰায় দুবছৰ পূৰ্বে ৰুক্মিণী গাঁৱতে নিশা মদ্যপান কৰি মহানগৰীৰ ৰাজপথত ৯ জন শ্ৰমিকক মহতিয়াই নিয়াৰ অভিযোগ উঠিছিল ৰাজকন্যা বৰুৱা নামৰ এগৰাকী যুৱতীৰ বিৰুদ্ধে ।
লগতে পঢ়ক: Assam Police: আৰক্ষী বিষয়া পণজিৎ দুৱৰাসহ 9 জন আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু