thumbnail

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 3:07 PM IST

ETV Bharat / Videos

Chandrayaan 3 landing: চন্দ্ৰযান-৩ সফল অৱতৰণৰ কামনাৰে দোৱা

নগাঁও,২৩ আগষ্ট: চন্দ্ৰযান-৩ ৰ সফলতা কামনাৰে সমগ্ৰ ভাৰতবাসীয়ে আৰম্ভ কৰিছে দোৱা প্ৰাৰ্থনা । বুধবাৰে সন্ধিয়া চন্দ্ৰত অৱতৰণ কৰিবলগীয়া চন্দ্ৰযান ৩ ৰ সফলতা কামনাৰে নগাঁৱৰ জুৰীয়াত আৰম্ভ হৈছে দোৱা-প্ৰাৰ্থনা । সোমবাৰৰ পৰাই জুৰীয়াত মছজিদে মছজিদে কোৰান পাঠ কৰি প্ৰাৰ্থনা কৰিছে চন্দ্ৰযান-৩ ৰ সফলতাৰ বাবে ।  

চন্দ্ৰযান-৩ ক লৈ এতিয়া সমগ্ৰ দেশবাসীৰ মাজত বৃদ্ধি পাইছে তীব্ৰ উৎকণ্ঠা ৷ চন্দ্ৰযান-৩ ৰ সফলতাৰ বাবে দেশৰ ঠায়ে ঠায়ে এতিয়া চলিছে পূজা-অৰ্চনা । সমান্তৰালকৈ জুৰীয়াতো মছজিদে মছজিদে কোৰান পাঠ কৰি নামাজ পঢ়ি চন্দ্ৰযান-৩ ৰ সফল অৱতৰণৰ কামনাৰে ইছলাম ধৰ্মীয় লোকে জুৰীয়া হাফেজীয়া মাদ্ৰাছাত আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে ।  

সকলোৰে আশা চন্দ্ৰযান-৩ য়ে সফলতাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিব ৷ সোমবাৰৰ পৰা আৰম্ভ কৰা দোৱা মঙলবাৰে সন্ধিয়ালৈকে সম্পন্ন হয় বুলি জানিবলৈ দিয়ে মৌলানাই । উক্ত দোৱা অনুষ্ঠানত শতাধিক ৰাইজৰ লগতে মাদ্ৰাছাৰ শিক্ষক, মৌলানা, মছজিদৰ ইমামে অংশগ্ৰহণ কৰে । 

লগতে পঢ়ক: Land Management: জিলা আয়ুক্তৰ কাৰ্যালয়ত ধূলি-মাকতিত পোত গৈছে মাটি-কিনা বেচাৰ অনুমতিৰ বহু ফাইল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.