Wild elephant in Majuli: মাজুলীত অব্যাহত বন্যহস্তীৰ ত্ৰাস

By

Published : Jul 31, 2023, 10:33 AM IST

thumbnail

মাজুলী, 31 জুলাই : বিগত কেবামাহ ধৰি বন্যহস্তীৰ এটা বৃহৎ জাকে মাজুলীৰ বিভিন্ন অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছে । এইবাৰ প্ৰায় 150 জনীয়া বনৰীয়া হাতীৰ এই বৃহৎ জাকটোৱে অৱন চাপৰি, চেঁচু চাপৰি, গিৰিশ চাপৰিকে আদি কৰি এক বৃহৎ অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছে । ইতিমধ্যে এই বৃহৎ হাতীৰ জাকটোৱে গৰু, ম'হৰ খুটি ভাঙি তহিলং কৰিছে । শংকিত হৈ পৰিছে এতিয়া অঞ্চলবাসী ৷

ইফালে দেওবাৰে দুপৰীয়াৰ ভাগত এই হাতী জাকটোৱে ব্ৰহ্মপুত্ৰৰ বুকুত জলকেলি কৰি থকাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে ৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, দীৰ্ঘ দিন ধৰি হাতীৰ জাকটো খেদি পঠিয়াবৰ বাবে বন বিভাগে চেষ্টা চলাই আছে যদিও সফলতা লাভ কৰা নাই বন বিভাগৰ লোক ৷ বন বিভাগৰ এই কৰ্মকাণ্ডটো এতিয়া অতিষ্ঠ হৈ পৰিছে মাজুলীবাসী ৷

লগতে পঢ়ক : Wild elephant terror in Majuli : গঁড়ৰ পাচত উজনি মাজুলীত বন্যহস্তীৰ ত্ৰাস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.