Man elephant conflict: খৰিকটীয়া চাহ বাগিচাত বন্যহস্তীৰ ত্ৰাস; উজাগৰী নিশা কটাইছে শ্ৰমিকে

By

Published : Aug 13, 2023, 10:30 AM IST

thumbnail

যোৰহাট, 13 আগষ্ট : যোৰহাট জিলা অন্তৰ্গত তিতাবৰ মহকুমা খৰিকটীয়া চাহ বাগিছাত বন্যহস্তীৰ ত্ৰাস ৷ বন্যহস্তীৰ ত্ৰাসত বিনিদ্ৰ ৰজনী কটাব লগা হৈছে বাগিছাখনৰ শ্ৰমিকে ৷ জানিব পৰা মতে, বিগত এটা মাহ ধৰি চাহ বাগিচাখনত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে ৷ কিন্তু এই ক্ষেত্ৰত বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে বাগিছাখনৰ ৰাইজে ৷

প্ৰতিদিনৰ দৰে শনিবাৰে পুৱতি নিশা খৰিকটীয়া চাহ বাগিছাত বন্যহস্তীয়ে চলাই ত্ৰাস ৷ এই বন্যহস্তীৰ জাকটোৱে খৰিকটীয়া চাহ বাগিছাৰ কেইবাটাও বাসগৃহ লণ্ড-ভণ্ড কৰাৰ লগতে প্ৰায় 8 জোপা নাৰিকল গছ উভালি পেলায় ৷ হাতীৰ এই উপদ্ৰৱত প্ৰতি নিশা উজাহৰে কটাব লগাত পৰিছে বাগিছাৰ শ্ৰমিকসকলে ৷ ফলত বিদ্যালয়লৈ যাব পৰা নাই ছাত্ৰ-ছাত্ৰী । নষ্ট হৈছে শিক্ষাৰ্থীসকলৰ শিক্ষাবৰ্ষ গুৰুত্বপূৰ্ণ দিনসমূহ ৷

লগতে পঢ়ক : Man Elephant conflict in Assam: বিহালীত নিশা বনৰীয়া হাতীয়ে ভাঙিলে কেইবাটাও ঘৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.