ৰঙাপৰাৰ নামনি গাঁৱত নিশা আতংকময় পৰিৱেশ - ৰঙাপৰাৰ নামনি গাঁৱত হাতীৰ উপদ্ৰৱ
🎬 Watch Now: Feature Video
Published : Dec 6, 2023, 2:26 PM IST
ৰঙাপৰা, 6 ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ বিভিন্ন সময়ত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছে ৷ খাদ্যৰ সন্ধানত ওলাই অহা এটা বন্যহস্তীয়ে মঙলবাৰে নিশাৰ ভাগত ৰঙাপৰাৰ নামনি গাঁৱত প্ৰৱেশ কৰাত গাঁওখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ ইফালে ৰাইজে হাতীটোক চৌদিশৰ পৰা আগুৰি ধৰি চিঞৰ-বাখৰ কৰাত হাতীটোৱে দিক-বিদিক হেৰুৱাই ৰাইজলৈ চোঁচা লয় ৷
আনহাতে, নিশাৰ ভাগত টিউচনৰ পৰা ঘৰলৈ ওভতি অহাৰ পথতে বন্যহস্তীটোৰ মুখামুখি হয় বিৰাজ দাস নামৰ ছাত্ৰজন ৷ বন্যহস্তীৰ আক্ৰমণত ছাত্ৰজনৰ কথমপিহে প্ৰাণ ৰক্ষা পৰে যদিও আহত হয় ৷ ইফালে বহু সময় ধৰি গাঁওখনত সন্ত্ৰাসৰ সৃষ্টি কৰা বন্যহস্তীটোক নিশাৰ ভাগতে গাঁৱৰ ৰাইজে বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয় ৷
লগতে পঢ়ক : পেণ্ডেলৰ বাঁহ কঢ়িওৱা বাহনত খুন্দিয়াই কিশোৰৰ মৃত্যু