নৱবৰ্ষৰ প্ৰথম দিনাই চামগুৰিত বন্যহস্তীৰ তাণ্ডৱ - বন্যহস্তীৰ তাণ্ডৱ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-01-2024/640-480-20411289-thumbnail-16x9-elphnt-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 2, 2024, 4:44 PM IST
চামগুৰি,২ জানুৱাৰী: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বন্য়হস্তীৰ উপদ্ৰৱ । হাতী-মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ । বন্যহস্তীৰ উপদ্ৰৱত বিগত বহুদিন ধৰি বিনিদ্ৰ ৰজনী কটাই আহিছে চামগুৰিৰ ভিন্ন প্ৰান্তৰ লোকে । সোমবাৰে নিশাও চামগুৰিৰ কঠালগুৰিত এটা বন্যহস্তীয়ে উপদ্ৰৱ চলাই ভাঙি লণ্ডভণ্ড কৰে এজন লোকৰ গৃহ । নৱবৰ্ষৰ প্ৰথমটো দিনতেই উপদ্ৰৱ চলায় বন্যহস্তীটোৱে ।
সোমবাৰে নিশা প্ৰায় ১ মান বজাত বন্যহস্তীটোৱে উপদ্ৰৱ চলায় অঞ্চলটোত । বন বিভাগক খবৰ দিয়া স্বত্ত্বেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ গাওঁৰক্ষী বাহিনীৰ লগতে স্থানীয় ৰাইজৰ । আনহাতে চামগুৰিৰ বিভিন্ন ঠাইত বন্যহস্তীয়ে বহু লোকৰ বাসগৃহ লণ্ডভণ্ড কৰি আহিছে যদিও বন বিভাগে কোনোধৰণৰ ক্ষতি পূৰণ নিদিয়াৰ অভিযোগো দীৰ্ঘদিনীয়া । অতিশীঘ্ৰে বন্যহস্তীৰ ত্ৰাসৰ পৰা মুক্ত কৰাৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক: তেজপুৰত কন্টেনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক