wild elephant menace:চিৰাঙৰ উত্তৰাঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 10:27 PM IST

চিৰাং, 26 ছেপ্টেম্বৰ : চিৰাং জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে সম্প্ৰতি জিলাখনৰ কেবাখনো গাঁৱত সোমাই কৃষক পৰিয়ালৰ বাৰীৰ খেতি, ভঁৰালৰ ধান অন্যান্য সামগ্ৰীৰ যথেষ্ট ক্ষতিসাধন কৰি আহিছে ৷ গাঁৱৰ ৰাইজ এতিয়া হাতীৰ উপদ্ৰৱত সমস্যাৰ সন্মুখীন হৈছে ৷

মঙলবাৰে নিশা বিজনী মহকুমাৰ দুই নম্বৰ দক্ষিণমাক্ৰাত বন্যহস্তীৰ দলে কেবাটাও পৰিয়ালৰ বাসগৃহত আক্ৰমণ চলায়৷ অসম চৰকাৰৰ পৰা পুৰস্কাৰপ্ৰাপ্ত শিল্পী তথা বিজনীৰ জনপ্ৰিয় বাঁহী বাদক দীপু ৰায়ৰ বাসগৃহ ভাঙি তহিলং কৰে বনৰীয়া হাতীয়ে । ফলত কৃষক শিল্পীজনৰ পৰিয়াল অসহায় হৈ পৰে ৷ বুধবাৰে শিল্পী, বাঁহীবাদক দীপু ৰায়ৰ বাসগৃহত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লয় বিটিচি পাৰিষদ প্ৰদীপ কুমাৰ বায়নে । ইপিনে একেখন গাঁৱৰে প্ৰহ্লাদ ৰায় নাম লোকজনৰো ঘৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে গাঁৱৰে ভালেকেইজন ব্যক্তিৰ বাসগৃহ ভাঙি থৈ যায় বনৰীয়া হাতীয়ে ।

লগতে পঢ়ক : Man Elephant clash: বনৰীয়া হাতীৰ উপদ্ৰৱে নিদ্ৰা হৰিছে ৰাইজৰ, ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.