Chandrapur elephant attack: পুত্ৰ জন্মদিনৰ দিনাই হাতীৰ গচকত মৃত্যু অভিযন্তা পিতৃৰ

🎬 Watch Now: Feature Video

thumbnail

গুৱাহাটী, ২৯ জানুৱাৰী : মহানগৰীত শোকাৱহ ঘটনা ৷ পুত্ৰৰ জন্মদিনৰ দিনাই আকস্মিকভাৱে মৃত্যুুু মুখত পৰিল পিতৃ ৷ মহানগৰীৰ নিকটৱৰ্তী চন্দ্ৰপুৰত সংঘটিত হৈছে এই ঘটনা ৷ চন্দ্ৰপুৰৰ ঠাকুৰকুছিৰ খামব্ৰেঙা বিলৰ পাৰত বন্যহস্তীৰ গচকত থিতাতে নিহত হয় এজন লোক (Chandrapur elephant attack)। নিহত লোকজন গুৱাহাটীৰ বীৰকুচিৰ দিলীপ নাথ বুলি জানিব পৰা গৈছে । শনিবাৰে নিশা পৰিয়াল তথা তেওঁৰ কৰ্মচাৰীৰ সৈতে খামব্ৰেঙা বিলৰ পাৰলৈ যাওঁতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । জানিব পৰা মতে চৰকাৰী অধিবক্তা দিলীপ নাথৰ পুত্ৰৰ জন্মদিন আছিল শনিবাৰে । 

জন্মদিন উপলক্ষে শনিবাৰে দিলীপ নাথে আয়োজন কৰিছিল জন্মদিনৰ বিশেষ অনুষ্ঠান ৷ নিশাৰ ভাগত জন্মদিন উপলক্ষে আয়োজন কৰা অনুষ্ঠান উপভোগ কৰি ঘৰলৈ ওভতি আহি থাকোতেই সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো ৷ জন্মদিনৰ বাবে অহা ৰান্ধনিক নিশা বীৰকুছিৰ পৰা ঠাকুৰকুচি গাঁও হৈ হাজংবৰীলৈ ব্যক্তিগত বাহনৰে থ’বলৈ আহোঁতে বন্যহস্তীৰ আক্ৰমণৰ সন্মুখীন হয় অধিবক্তা দিলীপ নাথ ৷ (Men elephant conflict)। 

হাতীৰ জাকটো দেখি ৰান্ধনি তিনিজন পলায় যায় যদিও অধিবক্তা দিলীপ নাথ গাড়ীৰ পৰা নামিবলৈ বিচৰাৰ সময়তে হাতীৰ জাকটোৱে গাড়ীখনলৈ চোঁচা মাৰি আহে আৰু আক্ৰমণ চলায় । হাতীৰ গচকত থিতাতে নিহত হয় অধিবক্তা দিলীপ নাথ । জানিব পৰা মতে অধিবক্তা দিলীপ নাথৰ ঠাকুৰকুচিৰ খামব্ৰেঙা বিলৰ পাৰত "কানমাই" নামৰ এখন ৰিজ’ৰ্ট আছে । সেই সূত্ৰে উক্ত ৰিজ’ৰ্টখনলৈ প্ৰায়ে আহিছিল দিলীপ নাথ (Men elephant conflict in Chandrapur)। 

উল্লেখ্য যে, ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বন্যহস্তীৰ উপদ্ৰৱ ৷ ইতিমধ্যে ৰাজ্যখনৰ কেইবা স্থানটো হাতীয়ে আক্ৰমণ চলায় ঘৰ-বাৰী ভাঙি উপদ্ৰৱ চলোৱাৰ লগতে বন্যহস্তীৰ তাণ্ডৱত প্ৰাণ হেৰুৱাবলগীয়া হৈছে কেইবাগৰাকীও নাগৰিকে ৷ স্মৰ্তব্য যে, বন্যহস্তীৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি হৈ অহাৰ পাচতো ৰাজ্য চৰকাৰ তথা বিয়াগোম বন বিভাগটোৱে বিশেষ কোনো ফলপ্ৰসু ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই ৷

লগতে পঢ়ক : Morigaon Book fair 2023 : কুৰিখন গ্ৰন্থ উন্মোচনেৰে সামৰণি পৰিল মৰিগাঁও গ্ৰন্থমেলাৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.