Wild elephant died : সোণাৰিত বিদ্যৎপৃষ্ট হৈ মৃত্যু হ’ল এটা বনৰীয়া হাতী - সোণাৰিত বিদ্যৎপৃষ্ট হৈ মৃত্যু হ’ল এটা বন্য হস্তীৰ
🎬 Watch Now: Feature Video
দিনক দিনে বৃদ্ধি হৈছে হাতী মানুহৰ সংঘাত (Man Elephant conflict) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে চৰাইদেউ জিলাৰ বিভিন্ন ঠাইত তীব্ৰ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে । ইয়াৰ পৰিণতিত শুকুৰবাৰে সোণাৰিৰ নাফুক চাহ বাগিচাৰ ৮ নং লাইনত কৰুণভাৱে মৃত্যু হ’ল এটা বনৰীয়া হাতীৰ (Wild elephant died at Sonari in Charaideo)। অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নিশা ওলাই অহা এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয় সোণাৰিৰ নাফুক চাহ বাগিচাৰ ৮ নং লাইনত ৷ বিদ্যৎপৃষ্ট হৈ হাতীটো মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে । মন কৰিবলগীয়া যে, খাদ্যৰ সন্ধানত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ ধান খেতি প্ৰতি বছৰে অনিষ্ট কৰি আহিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত খেতি পথাৰৰ শস্য সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাইজে পথাৰত বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰি ৰাখে । এই তাঁৰত লাগিয়েই হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে অঞ্চলটোৰ ৰাইজে ।
Last Updated : Feb 3, 2023, 8:29 PM IST