thumbnail

By

Published : Dec 11, 2022, 6:37 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / Videos

Wild elephant in Golaghat: গোলাঘাটৰ মৰঙিত বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ

গোলাঘাট জিলাৰ মৰঙিত হাতীৰ উপদ্ৰৱ ৷ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ বাবে দিনে-নিশাই কেৱল হাতীৰ সৈতে যুঁজ দিব লগা হৈছে স্থানীয় ৰাইজ ৷ প্ৰতিদিনেই উজাগৰী নিশা পাৰ কৰিব লগা হৈছে বৃহত্তৰ মৰঙি মৌজাৰ অৰ্ধশতাধিক গাৱঁৰ ৰাইজে । শনিবাৰে নিশা মৰঙি চাৰিআলিৰ বজাৰ এলেকাৰ কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰীত হাতী সোমাই তহিলং কৰে (Wild elephant destroy crops)। পানীকৰা আৰু আবৰঘাটৰ চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি তচনচ কৰাৰ লগতে হাতীৰ আক্ৰমণত পশুধনৰ মৃত্যু হয়(Wild elephant destroy crops in Golaghat) ৷ লগতে হাতীৰ জাকটোৱে ভাঙি থৈ যায় ভঁৰালঘৰ পৰ্যন্ত । আনহাতে বন বিভাগক খবৰ কৰাৰ পাছতো ঘটনাস্থলীত উপস্থিত নোহোৱাত হাতী খেদাত অনভিজ্ঞ পৰিয়ালসমূহে বিভিন্ন পন্থাৰে হাতী খেদিবলৈ চেষ্টা চলাই যদিও হাতীৰ জাকে তহিলং কৰে তেলীয়া গাওঁ, পানীকৰা, শ’লমাৰি, শাওতলী, আবৰঘাট আদি অঞ্চল ৷ অঞ্চলকেইটাত উপদ্ৰৱ চলাই বিস্তৰ ক্ষতিসাধন কৰে সংশ্লিষ্ট এলেকাৰ পৰিয়ালবোৰৰ ৷ উল্লেখ্য যে, হাতীয়ে অঞ্চলজুৰি চলাই থকা এই উপদ্ৰৱত নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি আহিছে সংশ্লিষ্ট বন বিভাগে ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.