thumbnail

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 11:50 AM IST

ETV Bharat / Videos

West Bengal Police at Bilasipara: বেটাৰী চোৰক বিচাৰি বিলাসীপাৰা পালেহি পশ্চিমবংগ আৰক্ষী

বিলাসীপাৰা, 26 ছেপ্টেম্বৰ: ডাঙৰ ডাঙৰ অপৰাধী বা বিভিন্ন গোচৰৰ পলাতক অভিযুক্তক বিচাৰি এখন ৰাজ্যৰ আৰক্ষী আন এখন ৰাজ্যলৈ বা এখন দেশৰ আৰক্ষী আন এখন দেশলৈ যোৱাৰ কথা আপুনি নিশ্চয় শুনিছে ৷ পিচে এইবাৰ এটা বেটাৰী চোৰ বিচাৰি বিলাসীপাৰাত উপস্থিত পশ্চিমবংগ আৰক্ষী । পশ্চিমবংগ আৰক্ষীৰ লক্ষ্য বিলাসীপ‍াৰাৰ ড্ৰাইভাৰ ৰূপী বেটাৰী চোৰ । যোৱা 25 আগষ্টত পশ্চিমবংগৰ শিলিগুৰীৰ পৰা অসমৰ বঙাইগাঁও অভিমুখে আহি আছিল এখন ই-ৰিক্সাৰ বেটাৰী ভৰ্তি ব'লেৰো গাড়ী । কিন্তু নিৰ্দিষ্ট সময় উকলি যোৱাৰ পিচতো বঙাইগাঁৱত উপস্থিত নহ’ল গাড়ীখন ।

পিচত কৰ্তৃপক্ষই গাড়ী চালকৰ লগত যোগাযোগ কৰাত কোনো খবৰ নাপাই শিলিগুৰীৰ ভক্তিনগৰ থানাত দাখিল কৰে এজাহাৰ । উক্ত এজাহাৰৰ ভিত্তিত শিলিগুৰী আৰক্ষী বিলাসীপাৰাত উপস্থিত হৈ বিলাসীপাৰা আৰক্ষীৰ সহযোগত অভিযান চলাই উদ্ধাৰ কৰে 26 টাকৈ বেটাৰী আৰু বেটাৰী কঢ়িয়াই নিয়া গাড়ীখন।

বেটাৰী চুৰি ঘটনাৰ লগত জড়িত মজিবৰ ৰজমান নামৰ এজন ব্যক্তিকো আটক কৰে আৰক্ষীয়ে । পশ্চিমবংগ আৰক্ষীৰ জালত পৰা ধৃত বেটাৰী চোৰ মজিবৰ ৰহমানৰ ঘৰ বিলাসীপাৰাৰ গোৱৰ্ধনপাৰাত বুলি জানিব পৰা গৈছে । জব্দ কৰা গাড়ীখনৰ নম্বৰ হৈছে AS 17 C 4033 । সম্প্ৰতি কুখ্যাত বেটাৰী চোৰ ড্ৰাইভাৰক বিচাৰি অভিযান অব্যাহত ৰাখিছে পশ্চিমবংগ আৰু বিলাসীপাৰা আৰক্ষীয়ে ।

লগতে পঢ়ক : Assam Official Language Act 1960: ১৯৬০ চনৰ চৰকাৰী ভাষা প্ৰয়োগ আইন ৰূপায়নৰ নামত প্ৰহসন !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.