বাইক এৰি ঘোঁৰাৰে গ'ল খাদ্য দিবলৈ

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 7:27 PM IST

thumbnail

নেশ্যনেল ডেস্ক, 3 জানুৱাৰী : ৰাজপথত দামী-দামী গাড়ী-বাইকৰ মাজত এজন যুৱকে যাতায়ত কৰিছে ঘোঁৰাত উঠি ৷ ৰাস্তাৰ মাজ মজিয়াত ঘোঁৰাত উঠি যাত্ৰা কৰা যুৱকজনক দেখি সকলোৱে এবাৰ হ’লেও তেওঁলৈ ঘূৰি চাইছে ৷ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে যুৱকজনে ৷ এই দৃশ্য হায়দৰাবাদৰ চঞ্চলগুড়া অঞ্চলৰ ৷

পেছাত যুৱকজন এজন ফুড ডেলিভাৰী বয় ৷ জমেট’ কোম্পানীত কৰ্মৰত যুৱকজনে এই 21 শতিকাতো গাড়ী-বাইক একো ব্যৱহাৰ নকৰে বুলি আপুনি নাভাবিব ৷ এতিয়া শুনক আচল কাহিনীটো ৷ মঙলবাৰে কামলৈ বুলি আনদিনাৰ দৰে নিজৰ বাহনখন লৈয়েই ওলাই আহিছিল যুৱকজন ৷ বাহনত তেল ভৰাবলগীয়া হ’ল ৷ যুৱক গ’ল  পেট্ৰ’ল ডিপ’লৈ ৷ পিছে ডিপ’ত শাৰী শাৰী যান-বাহন ৷ ইফালে কামলৈ তেওঁৰ ইতিমধ্যেই বহু পলম হৈ গৈছে ৷  দীঘলীয়া শাৰী দেখি তেওঁ অতিষ্ঠ হৈ পৰে আৰু খঙত একো নাই হৈ বাহনখন তাতে এৰি এটা ঘোঁৰাৰ যোগাৰ কৰে ৷ কিয়নো সময়মতে খাদ্য যোগান তেওঁ ধৰিবই লাগিব ৷ তাৰ পিছৰখিনি বুজিবলৈ চাওক এই ভিডিঅ’টো ৷ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অশ্বচালক এই যুৱক ৷

লগতে পঢ়ক : চাৰিশৰো অধিক মেকুৰীয়ে হাঁহি বিৰিঙালে জন্তুপ্ৰেমীৰ মুখত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.