Uruka of Bhogali Bihu : এখন গাঁৱৰ ৰাইজৰ ব্যতিক্ৰমী চিন্তা, ব্যতিক্ৰমী কাম

By

Published : Jan 14, 2023, 5:29 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

মাঘৰ উৰুকাৰ দিনাই এখন গাঁৱৰ ৰাইজৰ এক ব্যতিক্ৰমী পদক্ষেপ (Uruka of Bhogali Bihu) । উৰুকাৰ আনন্দৰ মাজতেই কণ কণ শিশুৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৱে সেৱা-সৎকাৰ কৰি বনৰীয়া হাতীক যোগান ধৰিছে খাদ্যৰ ৷ আমি ক’বলৈ লৈছো গোলাঘাটৰ ফুলনিগাঁৱৰ কথা । কেউফালে ভোগালী বিহুৰ উৰুকাৰ আনন্দৰ লহৰ (Today is Uruka of Bhogali Bihu) । উৰুকাৰ ভোজৰ বাবে কোনোৱে যদি কিনিছে প্ৰকাণ্ড মাছ, আন কোনোৱে আকৌ কিনিছে হাঁহ । ইয়াৰ মাজতে গোলাঘাট জিলাৰ ফুলনিগাঁৱৰ একাংশ লোকৰ ব্যতিক্ৰমী কামে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । চাহ বাগিচাত খাদ্য সংকটত কেইবামাহো ধৰি ঢপলিয়াই ফুৰা এটা বৃহৎ হাতীৰ জাকক কলগছৰ যোগান ধৰিছে একাংশ লোকৰ লগতে কেইবাটাও কণমানিয়ে (Villagers of Golaghat providing food to wild elephants) । কলগছ যোগান ধৰাৰ লগতে এই খাদ্য খাবলৈ ধূপ, চাকি দি সেৱাও জনাইছে ৰাইজে । গাঁওবাসীৰ এই পদক্ষেপ সঁচাই প্ৰশংসনীয় আৰু আদৰণীয় ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.