Bridge Construct By Villagers : নেতাৰ প্ৰতিশ্ৰুতিবোৰ পৰি ৰ’ল, ৰঙিয়াত ৰাইজেই দলং নিৰ্মাণ কৰিবলৈ বাধ্য হ’ল - villager made bridge rangia
🎬 Watch Now: Feature Video
Published : Oct 22, 2023, 9:24 PM IST
ৰঙিয়া, 22 অক্টোবৰ : জনপ্ৰতিনিধৈ বাট চাই চাই ভাগৰি পৰিল ৰঙিয়া সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ একাংশ লোক ৷ বহু আবেদন-নিবেদন কৰিও লাভ নকৰিলে এখন দলং৷ ফলত অঞ্চলটোৰ ৰাইজে ভুগি আহিবলগীয়া হৈছে যাতায়তৰ সমস্যাত । কিয়নো নৈপৰীয়া দুয়োপাৰৰ ৰাইজে আজিলৈকে পোৱা নাই এখনো পকী দলং । দলঙৰ অভাৱত দুয়োপাৰৰ ৰাইজে ঘূৰি যাব লাগে কেইবা কিল’মিটাৰ অথবা ৰেইলৰ দলঙেৰে বিপদসংকুল যাতায়ত কৰিব লাগে । উপায়ন্তৰ হৈ ধূলাবড়ী দলংঘাটত পুঠিমাৰী নৈৰে অহা-যোৱা কৰিবলৈ দলং সজাত ব্যস্ত হৈ পৰিল অঞ্চলটোৰ লোকসকল । উল্লেখ্য যে চৰকাৰে ১৩ বছৰ পূৰ্বে উক্ত স্থানত এখন পকী দলঙৰ অনুমোদন হৈছিল যদিও আজিকোপতি দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নহ’ল । এটা দশকৰ পাছতো দলংখন সম্পূৰ্ণ কৰিব নোৱাৰাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: Hindu Muslim harmony:হিন্দু মুছলমানৰ নামত ৰাজনীতি নকৰি বৰ অসমৰ সপোন দেখে এওঁলোকে