চৰকাৰী মাদ্ৰাছা খোলে বন্ধ কৰে সেয়া চৰকাৰৰ কথা: আৰ্শ্বাদ মাদানী - Ashrad Madani on Madrassa
🎬 Watch Now: Feature Video


Published : Jan 18, 2024, 5:20 PM IST
টীয়ক, 18 জানুৱাৰী: সৰ্বভাৰতীয় জমিয়তৰ উপ-সভাপতি আৰ্শ্বাদ মাদানীয়ে বৃহস্পতিবাৰে যোৰহাট জিলাৰ কাকজানৰ আলিচুবুৰী মছজিদত আয়োজিত এখন ধৰ্মীয় সভাত অংশগ্ৰহণ কৰি ৰাইজৰ সৈতে বাৰ্তালাপ কৰে । দেশৰ অখণ্ডতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত সকলোকে ভেদ-ভাৱ ত্যাগ কৰি প্ৰেম আৰু ভাতৃত্ববোধৰ মনোভাৱে বসবাস কৰিবলৈ আহ্বান জনায় মাদানীয়ে ৷ দেশৰ প্ৰগতিৰ বাবে ভাতৃত্ববোধ অত্যন্ত জৰুৰী বুলি উল্লেখ কৰে কৰে তেওঁ ।
ইপিনে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকি ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই দেশৰ একতা বৃদ্ধি কৰিছে বুলি আশা প্ৰকাশ কৰে জমিয়তৰ উপ-সভাপতিগৰাকীয়ে । অসমত মাদ্ৰাছা বন্ধ কৰাৰ চৰকাৰী সিদ্ধান্ত সন্দৰ্ভত তেওঁ অৱগত নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে যিবোৰ মাদ্ৰাছা চৰকাৰী পৃষ্ঠপোষকতাত চলি আছিল সেইবোৰ মাদ্ৰাছা চৰকাৰে খোলে বা বন্ধ কৰে তাত তেওঁৰ একো ক’বলগীয়া নাই ৷ সেইসমূহ মাদ্ৰাছাক লৈ তেওঁলোকৰ একো কৰণীয় নাই বুলিও মন্তব্য কৰে আৰ্শ্বাদ মাদানীয়ে ।
লগতে পঢ়ক: কেন্দ্ৰীয় মন্ত্ৰী সাধ্বী নিৰঞ্জনক অপহৰণৰ চেষ্টা নিশ্চিত নহয়