Veterinary Camp: বানে জুৰুলা কৰা কলিয়াবৰত বিনামূলীয়া পশু চিকিৎসা শিবিৰ - পশুধন সাৰথি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-09-2023/640-480-19417348-thumbnail-16x9-camp.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 2, 2023, 8:30 PM IST
কলিয়াবৰ, 2 ছেপ্টেম্বৰ : কলিয়াবৰৰ সীমামূৰীয়া কুঠৰী এতিয়া বানৰ কৱলত । এই বানত জনসাধাৰণৰ লগতে পশুধনো আক্ৰান্ত হৈছে । খাদ্য আৰু আশ্ৰয়ৰ অভাৱত ভিন্ন ৰোগতো আক্ৰান্ত হৈছে অঞ্চলটোৰ পশুধন । সেয়েহে কুঠৰীৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলত ৰোগাক্ৰান্ত পশু ধনৰ মাজত আয়োজন কৰা হয় বিনামূলীয়া পশু চিকিৎসা শিৱিৰ ৷
নগাঁও জিলা পশুপালন বিভাগে পশুধন সাৰথিৰ সহযোগত ৰোগাক্ৰান্ত পশুধনৰ মাজত বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে ঔষধ বিতৰণ কৰে । প্ৰায় অৰ্ধ শতাধিক ৰোগাক্ৰান্ত পশুধনক চিকিৎসা প্ৰদানৰ অন্তত পশুধনৰ গৰাকীৰ মাজত বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে তেওঁলোকে । নগাঁও জিলাৰ পশুপালন বিভাগে পশুধন সাৰথিৰ সহযোগত বানাক্ৰান্ত অঞ্চলৰ ৰোগাক্ৰান্ত পশুধনৰ মাজত বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাত উৎফুল্লিত হৈ পৰে ৰাইজ ।
লগতে পঢ়ক : Flood in Kaziranga National Park : ক্ৰমান্বয়ে উন্নত হৈছে কাজিৰঙাৰ বান পৰিস্থিতি