Sand smuggling in Assam: গোলাঘাটৰ পোৰাবাংলাত অবৈধভাৱে শিল-বালি কঢ়িওৱা বাহন জব্দ - নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়
🎬 Watch Now: Feature Video


Published : Nov 3, 2023, 6:55 PM IST
গোলাঘাট, ৩ নৱেম্বৰ: গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত শিল-বালিৰ অবৈধ সৰবৰাহ। বন বিভাগে মাজে সময়ে দুই এখন শিল বালি সৰবৰাহ কৰা বাহন জব্দ কৰে যদিও পুনৰ বিভিন্ন কৌশল অৱলম্বন কৰি দুষ্ট চক্ৰই আৰম্ভ কৰে এনে বেহা । ইয়াৰ মাজতে পুনৰ তিনিখন অবৈধ শিল-বালি কঢ়িওৱা বাহন জব্দ কৰে বন বিভাগে ।
গোলাঘাট জিলাৰ নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ পোৰাবাংলাত অবৈধভাৱে শিল বালি কঢ়িওৱা ডাম্পাৰৰ বিৰুদ্ধে গোলাঘাট জিলা বন বিভাগৰ অভিযান । এই অভিযানত AS 05 AC 3546, AS05 AC3796, AS05 AC 1371 নম্বৰৰ বাহন কেইখন জব্দ হৈছে । দীৰ্ঘদিন বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ সমগ্ৰ অঞ্চলটোত অবৈধভাৱে দৈনিক চলি আহিছে শ শ শিল-বালি কঢ়িওৱা ডাম্পাৰ । এই অবৈধ শিল-বালি সহবৰাহ কাৰ আশীৰ্বাদত চলি আহিছে সেয়া ৰহস্যৰ আৱৰ্তত ।
লগতে পঢ়ক :Deprived of govt benefits : উৱঁলি যোৱা ঘৰ এৰি আজিৰে পৰা বাঁহৰ ঘৰত থাকিব কেপ্টেইন মুণ্ডাই