thumbnail

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 2:08 PM IST

ETV Bharat / Videos

Vehicle catches fire : ৰাজপথতে দাউদাউকৈ জ্বলিল বাছ; কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ

গোৱালপাৰা, 1 ছেপ্তেম্বৰ : গোৱালপাৰাৰ ধূপধৰা বাছ আস্থানত অঘটন । হঠাৎ দাওদাওকৈ জ্বলি উঠিল ৰৈ থকা যাত্ৰীবাহী বাছ । ধূপধৰা বাছ আস্থানত যান্ত্ৰিক বিজুতিৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে । জ্বলি ভষ্মীভূত হোৱা ভাগ্যশ্ৰী নামৰ যাত্ৰীবাহী বাছখন গোৱালপাৰা অভিমুখী আছিল ৷ এই বাছখনৰ নম্বৰ হৈছে AS 25 BC 2988 ৷

জানিব পৰা মতে, গুৱাহাটীৰ পৰা আহি ধূপধৰা বাছ আস্থানত যাত্ৰীৰ বাবে ৰৈ আছিল বাছখন । হঠাৎ বাছখনৰ আগফালৰ পৰা ক’লা ধোঁৱা ওলোৱা দেখি যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । লগে লগে বাছত থকা যাত্ৰীসকলে দৌৰা-দৌৰিকৈ বাছখনৰ নামি আহে ৷

কেই মুহূৰ্তমানৰ ভিতৰতে ক’লা ধোঁৱাই ছানি ধৰে সম্পূৰ্ণ বাছখন । ফলত দাওদাওকৈ জ্বলি উঠে সম্পূৰ্ণ বাছখন । প্ৰায় এঘণ্টা ধৰি যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে ৷ ইফালে স্থানীয় ৰাইজে জুই নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পাচতো বহু সময়ৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হয় ঘটনাস্থলীত ।

প্ৰায় ডেৰ ঘন্টা পিচত অগ্নিনিৰ্বাপক বাহিনীৰ দলটো ঘটনাস্থলীত উপস্থিত হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পিচত ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমাবলৈ সক্ষম হয় যদিও ইতিমধ্যে বাছখনৰ প্ৰায় 70 শতাংশ জুইত ভস্মীভূত হয় ।

লগতে পঢ়ক : Protest over Silsako eviction: ঘৰখন বচাব লাগে; শিলসাঁকোৰ উচ্ছেদে অৰ্ধ নগ্ন হ’বলৈ বাধ্য কৰিলে মহিলাক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.