Price Hike in Guwahati: গুৱাহাটীত ৮০ টকাৰ তলত নাই শাক-পাচলি; গ্ৰাহকৰ হাহাকাৰ - Assam Flood
🎬 Watch Now: Feature Video

গুৱাহাটী, ১৬ জুলাই: শাক পাচলিৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক ৷ অনিয়ন্ত্ৰিত বজাৰ ব্যৱস্থাত পণবন্দী সাধাৰণ ৰাইজ । গুৱাহাটী মহানগৰীত প্ৰতিদিনে হোৰাহোৰে বাঢ়িছে পাচলিৰ দাম । মহানগৰীৰ বজাৰত ৮০ টকাৰ তলত পাবলৈ নাই শাক-পাচলি ।
বান-বিভীষিকাৰ গইনা লৈ এচাম অসাধু ব্যৱসায়ী চক্ৰই শাক-পাচলিৰ দাম বৃদ্ধি কৰি সাধাৰণ ৰাইজক হাৰাশান্তি কৰিছে । বিশেষভাৱে গুৱাহাটীৰ বজাৰসমূহত গ্ৰাহকে শাক-পাচলি চ’ৰা দামত ক্ৰয় কৰিব লগা হৈছে । কিন্তু এইবোৰৰ প্ৰতি গুৰুত্ব নাই চৰকাৰৰ। ইফালে পাইকাৰী বজাৰতকৈ ৩০% অধিক দামত একাংশ খুচুৰা ব্যৱসায়ীয়ে শাক পাচলি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে ।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে বজাৰে বজাৰে টাস্ক ফ'ৰ্চৰ অভিযান চলিছে যদিও দাম নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে । শাক-পাচলিৰ নাটনি দেখুৱাই বহিঃৰাজ্যৰ পৰা কম দামত কিনি আনি গুৱাহাটীৰ বজাৰত অত্যধিক দামত বিক্ৰী কৰিছে অসাধু চক্ৰই । ফলত মহানগৰীৰ প্ৰতিখন বজাৰত শাক-পাচলিৰ পৃথক পৃথক দামেৰে মুনাফা লুটিছে অসাধু ব্যৱসায়ীয়ে ।
লগতে পঢ়ক:Crime in Guwahati: অসমীয়া কোৱাৰ বাবেই গুৱাহাটীত বহিৰাগতই আক্ৰমণ কৰিলে যুৱকক