Vegetable Price Hike: বজাৰৰ পৰা খালি মোনা লৈ উভতিল কংগ্ৰেছ নেতা মানস বৰা - BJP

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 9, 2023, 6:11 PM IST

গুৱাহাটী,৯ জুলাই: অন্তহীন ব্যস্ততা ৰাজনৈতিক নেতাসকলৰ ৷ কিন্তু নিজকে ৰাইজৰ মানুহ বুলি প্ৰতিপন্ন কৰিবলৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ৰাজনৈতি নেতাৰ নানা কাৰুকাৰ্য  ৷ ফলস্বৰূপে বেলতলাত হাতত মোনা লৈ বজাৰলৈ ওলাই আহিল কংগ্ৰেছ নেতা মানস বৰাৰ লগতে একাংশ কংগ্ৰেছ কৰ্মী । বৰ্তমান বজাৰত শাক-পাচলিৰ ব্যাপক দাম ।  কিন্তু বজাৰত বস্তুৰ দাম দেখি খালি মোনা লৈ উভতিল কংগ্ৰেছ নেতা মানস বৰা ।  

দাম বৃদ্ধি পোৱাক লৈ বিক্রেতাসকলৰ সৈতে কিছু কথা পাতিলে বিৰোধী দলৰ নেতাগৰাকীয়ে । লগতে বজাৰতেই মনৰ বুজ ললে বজাৰ কৰিবলৈ ওলাই অহা সাধাৰণ ৰাইজৰ । সমান্তৰালভাৱে সংবাদ মাধ্যমৰ আগত চৰকাৰক কটাক্ষ কৰিলে মানসে। মূল্যবৃদ্ধিৰ সন্দৰ্ভত যোগান মন্ত্ৰীৰ গা এৰা মন্তব্য কৈ সমালোচনা কৰে বৰাৰ ৷ 

বৰাৰ মতে ‘‘মূল্যবৃদ্ধিৰ কথা কৈ ৰাইজৰ কাষ চপা চৰকাৰ আজি মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে প্ৰত্যেকটো ক্ষেত্ৰত বিফল হৈছে । এইখন চৰকাৰে প্ৰতিটো ক্ষেত্ৰত টুলুঙা মন্তব্য দি মূল বিষয় বস্তুৰ পৰা আঁতৰিবলৈ চেষ্টা কৰে । নাগপুৰত থকা RSS ৰ শিক্ষাৰ ফলতেই মন্ত্ৰীসকলে ৰাইজৰ দুখ-বেদনা নেদেখে ৷’’

লগতে পঢ়ক:Assam Govt Grant to Schools : শিক্ষা সেতু পৰ্টেলত ১১,৪৮০ খন বিদ্যালয়ৰ ৩৩,৫৮৩ গৰাকী শিক্ষকে আপলোড কৰা নাই প্ৰফাইল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.