বহিৰাগত কোনোবা এজন লালুকী-ভালুকীক আনি তৈলমৰ্দন কৰিলে নহ’ব: বীৰ লাচিত সেনা - বহিৰাগত
🎬 Watch Now: Feature Video
Published : Dec 18, 2023, 9:24 PM IST
গুৱাহাটী, ১৮ ডিচেম্বৰ : মেনেজাৰ পোষ্টত থকা এজন অসমীয়া যুৱকক আঁতৰাই এজন বাহিৰৰ যুৱকক দায়িত্ব দিয়াক লৈ সোমবাৰে গুৱাহাটীৰ জোনালীত থকা ‘গ্ৰেট ইস্টাৰ্ন ট্ৰেডিং কোং’ নামৰ প্ৰতিষ্ঠানটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । প্ৰতিষ্ঠানটোত কৰ্মৰত এজন খিলঞ্জীয়া যুৱকক প্ৰতাৰণা কৰি বহি:ৰাগতক বৰপিৰা পাৰি দিয়াৰ অভিযোগত বহিৰাগত কোম্পানীটোৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰা বীৰ লাচিত সেনা প্ৰতিষ্ঠানটোত উপস্থিত হোৱাৰ পিচতে সৃষ্টি হয় এই পৰিস্থিতিৰ ।
লাচিত সেনাৰ নেতৃবৃন্দই কি কাৰণত অসমীয়া কৰ্মচাৰীজনক মেনেজাৰ পদৰ পৰা আঁতৰাই সেই স্থানত এজন বিহাৰী সম্প্ৰদায়ৰ যুৱকক নিয়োগ কৰা হ’ল সেই প্ৰশ্ন কৰে ‘গ্ৰেট ইস্টাৰ্ন ট্ৰেডিং কোং’ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষক । কিন্তু প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ পৰা পতিয়ন নিয়াব পৰাকৈ কোনো উত্তৰ নোপোৱাত লাচিত সেনাই ‘গ্ৰেট ইস্টাৰ্ন ট্ৰেডিং কোং’ কোম্পানীত তলা ওলোমাই দিয়ে ।
লাচিত সেনাৰ সদস্যই খিলঞ্জীয়া অসমীয়া কৰ্মচাৰী প্ৰতাৰণা কৰা কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে । জানিব পৰা মতে, বহি:ৰাগত যুৱকক পদোন্নতি দিয়াৰ স্বাৰ্থত কোনো কাৰণ দৰ্শোৱাৰ জাননী নিদিয়াকৈ উক্ত কোম্পানীটোত মেনেজাৰ পোষ্টত থকা এজন অসমীয়া যুৱকক আঁতৰাই অন্য এজন যুৱকক দায়িত্ব দিয়াৰ বাবে লাচিত সেনাই এই পদক্ষেপ লবলৈ বাধ্য হয় ।
লগতে পঢ়ক : DFO আখতাৰ হুছেইনৰ ঘৰত মুখ্যমন্ত্ৰী ভিজিলেঞ্চৰ অভিযান