thumbnail

Cattle smuggling: বীৰ লাচিত সেনাই জব্দ কৰিলে অবৈধভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি বাহন

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 7:11 AM IST

ৰহা, 16 অক্টোবৰ : ৰাজ্যত অন্ত পৰা নাই অবৈধ কাৰবাৰ ৷ দৈনিক আৰক্ষী তথা প্ৰশাসনে এইবোৰৰ বিৰুদ্ধে অভিযান চলাইছে যদিও নিতৌ ন ন উপায়েৰে অসাধু চক্ৰই চলাই নিছে ব্যৱসায় ৷ অসমত প্ৰায় প্ৰতিদিনেই বিভিন্ন প্ৰান্তত চোৰাংভাৱে গৰু সৰবৰাহকাৰী আৰক্ষীয়ে আটক কৰি আহিছে ৷

শেহতীয়াকৈ ৰহাত এখন গৰু ভৰ্তি বাহন জব্দ কৰিছে বীৰ লাচিত সেনাই ৷ দেওবাৰে বিয়লি অবৈধভাৱে গৰু সৰবৰাহ কৰা এখন বাহন আটক কৰি ৰহা আৰক্ষীক গতাই দিলে বীৰ লাচিত সেনাৰ ৰহা আঞ্চলিক সমিতিয়ে । এখন AS 02 DC 3480নম্বৰৰ টাটা মেজিকত কেইবাটাও গৰু গোলাঘাটৰ পৰা কামপুৰ কাকতি গাঁৱলৈ সৰবৰাহ কৰা হৈছিল । গৰু সৰবৰাহৰ কোনো বৈধ নথি পত্ৰ নথকাৰ লগতে পান জপা দি জাপি গো ধন কেইটা সৰবৰাহ কৰাৰ বাবে বীৰ লাচিত সেনাৰ ৰহা আঞ্চলিক সমিতিয়ে বাহনখন আটক কৰি ৰহা আৰক্ষীক গতাই দিয়ে ।

পৰৱৰ্তী সময়ত সংগঠনটোৱে আৰক্ষীক এখন এজাহাৰ দাখিল কৰে । লগতে মুকলিভাৱে চোৰাংকৈ গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । এই‌‌ সন্দৰ্ভত ৰহা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক : Cattle smuggling:ৰহাৰ ডিমৌত জব্দ অবৈধভাৱে গৰু সৰবৰাহ কৰা বাহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.