দীপাংকৰৰ ন্যায়ৰ দাবীত একত্ৰিত হ’ল কেবাটাও দল-সংগঠন, সচেতন ৰাইজ - Assam police

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 10:10 PM IST

যোৰহাট, 28 ডিচেম্বৰ:  দীপাংকৰ গগৈৰ ন্যায়ৰ দাবীত একত্ৰিত হ’ল কেবাটাও দল-সংগঠন আৰু সচেতন ৰাইজ । দোষী আৰক্ষীক কঠোৰ শাস্তিৰ দাবী কংগ্ৰেছৰ । কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, AJYCP, তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা, চুতীয়া জাতি সন্মিলন, বিৰিণাশায়েক আঞ্চলিক যুৱ সমাজ, টাই আহোম যুৱ পৰিষদ, প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলন, আম আদমি পাৰ্টী, বিৰিণাশায়েক বগী আই টেম্পো সন্থা, গ্ৰাম্য সাংবাদিক সন্থাৰ লগতে বহুতো সচেতন ৰাইজে দীপাংকৰৰ ন্যায়ৰ দাবীত একত্ৰিত হৈ আজি ৰাজহুৱা সভা অনুষ্ঠিত কৰে ।

নিৰ্দিষ্ট সময়ৰ ভিতৰত তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ লগতে পৰিয়ালটোক পৰ্যাপ্ত পৰিমাণৰ ক্ষতিপূৰণ আৰু পৰিয়ালৰ কোনো এজন ব্যক্তিক চৰকাৰে সংস্থাপন প্ৰদান কৰা দাবী জনায় দল-সংগঠন আৰু ৰাইজে ।

আনহাতে দীপাংকৰ গগৈৰ ঘৰত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী । গোস্বামীয়ে উক্ত ঘটনা সন্দৰ্ভত অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে । আনহাতে দীপাংকৰ গগৈক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰা আৰক্ষী বিষয়াক কঠোৰ পৰা কঠোৰতম শাস্তিৰ দাবী জনায় ৰাণা গোস্বামীয়ে ।

উল্লেখ্য যে, তিতাবৰৰ যুৱক দীপাংকৰ গগৈ যোৰহাট সেনা ছাউনীত গ্ৰেণেড নিক্ষেপ আৰু আলফাৰ লগত জড়িত থকা অভিযোগত আৰক্ষীয়ে আটক কৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰাৰ ফলত আত্মহত্যাৰ পথ বাচি লোৱা বুলি অভিযোগ উত্তাপিত হৈছে ৷

লগতে পঢ়ক: দীপাংকৰ গগৈৰ মৃত্যুৰ ন্যায় বিচাৰি এজাহাৰ দাখিল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.