Van mahotsav 2023 : টেঙাখাতত পালন বন মহোৎসৱ

By

Published : Jul 5, 2023, 12:30 PM IST

thumbnail

ডিব্ৰুগড়, 5 জুলাই : ৰাজ্যত আৰম্ভ হৈছে বন মহোৎসৱ কাৰ্যসূচী । গুৱাহাটীত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ কৰা পাছতেই এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন মহোৎসৱৰ কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে । মংগলবাৰে ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ 19 নং বেটেলিয়ান কেম্পত অনুষ্ঠিত কৰা হয় বন মহোৎসৱৰ কাৰ্যসূচী । 

ডিব্ৰুগড় বন সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ লগতে 181 গৰাকী নৱনিযুক্ত বনকৰ্মীয়ে অংশ লৈ একোটাকৈ গছপুলি ৰোপণ কৰে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই মুখ্যমন্ত্ৰীয়ে বন মহোৎসৱৰ জৰিয়তে যি এক কোটি গছ ৰোপণৰ চেষ্টা কৰিছে তাক দুলীয়াজানত সফল কৰি তোলা হ'ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে  ।

লগতে পঢ়ক : Landslide in Silchar-Aizawl Route :শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.