thumbnail

upstream of fishes:ডিব্ৰুগড়ৰ খোৱাঙত উজান উঠিছে মাছৰ

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 5:17 PM IST

ডিব্ৰুগড়, 1 ছেপ্টেম্বৰ : বানৰ বিভীষিকাৰ পিচত এতিয়া ডিব্ৰুগড়ৰ খোৱাঙত উঠিছে মাছৰ উজান । খোৱাঙৰ কাৱৈমাৰিত শতাধিক লোকে কুইণ্টলে কুইণ্টলে ধৰিছে মাছ । দৈনিক লোকসকল ব্যস্ত হৈ পৰিছে মাছ ধৰাত । খোৱাং কাৱৈমাৰিৰ বুঢ়ীদিহিং নদীৰ এৰাসূঁতিৰে এখন বিল সদৃশ ঠাইৰ পৰা ওলাই অহা এটা জানত উঠিছে মাছৰ উজান । খোৱাং অঞ্চলৰ বিভিন্ন গাঁৱৰ পুৰুষ-মহিলাই জাল লৈ নাৱ, পুঠি, কুঁ‌হি, বৰালি আদি মাছ ধৰাত ব্যস্ত হৈ পৰিছে । শতাধিক লোকে একেলগে মাছধৰা দৃশ্য চাবলৈ এতিয়া কাৱৈমাৰিলৈ সোঁত বৈছে অগণন লোকৰ ।

বুঢ়ীদিহিং নদীৰ নিচেই কাষতে আছে এই বিলখন । নদীৰ পানী বাঢ়ি অহাৰ লগে লগে মাছসমূহ বিলত থাকি যায় আৰু পানী শুকাবলৈ ধৰাৰ লগে লগে জানটোত মাছৰ উজান উঠিবলৈ ধৰে । একোজন মাছমৰীয়াই ২ কুইণ্টলৈকে মাছ ধৰিছে বুলি জানিবলৈ দিছে । সমান্তৰালকৈ মাছ ক্ৰয় কৰিবলৈও বহু লোক তালৈ ঢাপলি মেলিছে । ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা ৰাইজে মাছ ধৰিবলৈ আহিছে । ফলত অঞ্চলটোত এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি হৈছে । একাংশই মাছ ধৰি আনন্দ উপভোগ কৰিছে আনহাতে একাংশই মাছ ধৰি উপাৰ্জনৰ পথ উলিয়াইছে ।

লগতে পঢ়ক : upstream of fishes:ডিক্ৰং নৈত মাছৰ উজান, উবুৰি খাই পৰিছে বিহপুৰীয়াৰ মাছমৰীয়াসকল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.