ভৈৰৱকুণ্ডত পাঁচ শতাধিকৰ ইউপিপিএলত যোগদান - মন্ত্ৰী ইউজি ব্ৰহ্ম
🎬 Watch Now: Feature Video


Published : Dec 8, 2023, 6:54 PM IST
ওদালগুৰি, ৮ ডিচেম্বৰঃ '২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ । দেশৰ ৰাজনৈতিক দল সমূহে আৰম্ভ কৰিছে কুজ-কাৱাজ । তাৰ মাজতে বিটিআৰৰ দুটা লোকসভা সমষ্টিক লৈ আশ্বস্ত নহয় কোনো ৰাজনৈতিক দল । আঞ্চলিক কিম্বা ৰাষ্ট্ৰীয় সকলো ৰাজনৈতিক দলে নামি পৰিছে শক্তি প্ৰদৰ্শনত । এফালে বিজেপিৰ মন্ত্ৰী-বিধায়কৰ যদি বিটিআৰত চফৰ, সমান্তৰালভাৱে ইউপিপিএলৰ জনসভা । আনফালে, বিৰোধী দল বিপিএফৰ অব্যাহত আছে বিশাল যোগদান কাৰ্যসূচী । তাৰ মাজতে আজি শুক্ৰবাৰে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ ভৈৰৱকুণ্ড ব্লক ইউপিপিএলৰ উদ্যোগত জিলা সমিতিৰ সহযোগত ইউপিপিএলৰ দলৰ জনসভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ।
এই সভাত পাঁচ শতাধিকৰ লোকে ইউপিপিএলৰ দলৰ নীতি আদৰ্শত আকৃষ্ট হৈ ইউপিপিএলত যোগদান কৰে । সভাখনত বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োসহ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম, বিটিআৰৰ ইএম ড৹ নিলোৎ স্বৰ্গীয়াৰী, পাৰিষদ সঞ্জয় স্বৰ্গীয়াৰী, মাধৱ চেত্ৰীৰ লগতে ইউপিপিএলৰ কেন্দ্ৰীয় আৰু জিলাৰ শীৰ্ষ বিষয়ববীয়া সকল উপস্থিত থাকে । সভাখনত বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়ো বিপিএফৰ বিৰুদ্ধে সৰৱ হৈ কয় যে শনিবাৰ আৰু দেওবাৰে চিৰাঙৰ বাথৌ খেৰাই হোটেলত ডিজে বজাই সৰু লৰা-ছোৱালিক মাতি আনি মদ খাবলৈ শিকাই হাগ্ৰামাৰ বিপিএফে ।
লগতে পঢ়ক:বক্ৰপথেৰে APSC উত্তীৰ্ণ অসীমা কলিতা-ফাৰুক আহমেদক আঠ ঘণ্টাজোৰা জেৰা